ৰাষ্ট্ৰীয়

August 1, 2024 5:05 PM

প্ৰধানমন্ত্ৰী মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত

নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন ছিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্রধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে এটি অভ্যর্থনাৰ...

August 1, 2024 2:54 PM

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ২০০৪ চনৰ পি ভি চিন্নায়াৰ ৰায়ক ৬-১ বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত...

August 1, 2024 2:51 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংস্থাৰ সহযোগত যোৱা মঙলবাৰৰ পৰা অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। IAF C-17 পৰিবহণ বিমানৰ জৰিয়তে অঞ্চলটোত ৫৩ মেট্রিকটন চিকিৎসা সামগ্রীকে...

August 1, 2024 2:49 PM

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে বাৰ্তালাপ কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগকে ধৰি প্ৰয়োজনীয় সকল...

August 1, 2024 1:32 PM

প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ দেহাৱসান

ভাৰতৰ প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ যোৱানিশা ৭১ বছৰ বয়সত দেহাৱসান ঘটে। খেলুৱৈগৰাকীয়ে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ সময়চোৱাত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া খেলত ভাগ লোৱাৰ উপৰি বৰোদাৰ হৈ ২০৬ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। বৰোদা ক্রিকেট সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহ...

August 1, 2024 1:36 PM

ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব আৰু চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি আশ্বাস দিছে। দেশৰ বিভিন্ন অংশত ভূমিস্খলন আৰু বানৰ বাবে ধন জন হানি হোৱা সন্দৰ্ভত কালি লোকসভাত এটা মনোযোগ আকৰ্ষণ...

August 1, 2024 1:21 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্...

August 1, 2024 1:18 PM

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছেঃ বিত্তমন্ত্ৰী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে – উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত কালি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰ...

August 1, 2024 1:42 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্রভাৱিত এলেকাসমূহত আবদ্ধ ১৮৯ জন লোক আৰু চাৰিটা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আট্টামালা, মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্...

July 31, 2024 8:05 PM

নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন

চৰকাৰে নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে, নির্ভয়া পুঁজি গঠন কৰাৰে পৰা বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহে প্ৰায় ৫ হাজাৰ কোটি টকা মোকল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।