ৰাষ্ট্ৰীয়

August 8, 2024 1:16 PM

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্রকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰ...

August 8, 2024 12:59 PM

ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা বেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত ...

August 8, 2024 12:58 PM

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ আগ্ৰাধিকাৰ হোৱা উচিত। তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু...

August 8, 2024 12:56 PM

views 1

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্রক্রিয়াও সম্পূৰ্ণ হ'ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে, কৰ আৰোপৰ ক্ষ...

August 7, 2024 8:11 PM

পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তে...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত আজি নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয়...

August 7, 2024 7:59 PM

২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে

চৰকাৰে কৈছে যে, ২০২৩-২৪ চেনিবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলক প্রায় ৯৫.৩ শতাংশ বকেয়া আদায় দিয়া হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যমন্ত্রী নিমুৱেন জয়ন্তীভাই বান্তানেয়াই এই কথা সদৰি কৰে। তেওঁ কয যে, কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলৰ বক...

August 7, 2024 7:54 PM

চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদ...

August 7, 2024 7:24 PM

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি কৰিছে। আয়োগে দেশখনৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ লগতে নিজ...

August 7, 2024 7:17 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।