ৰাষ্ট্ৰীয়

August 17, 2024 10:36 AM

দেশত তিনিটা নতুন মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে দেশত তিনিটা নতুন মেট্ৰ' ৰে'ল প্ৰকল্প ৰূপায়নৰ প্ৰস্তাৱত অনুমোদন দিছে। এই প্রকল্পসমূহৰ ভিতৰত ১৫ হাজাৰ ৬১১ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া বাংগালুৰু মেট্ৰ'ৰ তৃতীয় পৰ্যায়, ১২ হাজাৰ ২০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে ইণ্টিগ্ৰেট ৰিং মেট্ৰ' ৰে'ল প্ৰকল্প আৰু প্ৰায় ৩ হাজাৰ কোটি টকা ...

August 16, 2024 8:33 PM

২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়নৰ সময়সীমা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি

২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়ন ছেপ্টেম্বৰৰ ১৫ তাৰিখ পৰ্যন্ত গ্ৰহণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ প'ৰ্টেল awards.gov.inত মনোনয়ন দাখিল কৰিব পাৰিব। পদ্ম বঁটা দেশৰ আটাইতকৈ সন্মানীয় অসামৰিক বঁটা। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনি ভাগত পদ্ম বঁটাসমূহ প্রদান কৰা হয়। প্ৰতি বছৰ...

August 16, 2024 8:11 PM

ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজহুৱা সম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতী আৰু সংসদ টি ভিৰ মাজত আজি সংসদত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সংসদ টি ভিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰজিত পুনহানি আৰু প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী তথা দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়...

August 16, 2024 8:07 PM

বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপ

বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছে দেশখনত বাস কৰা হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সকলো লোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে। উপদেষ্টাগৰাকীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বাংলাদেশৰ সাম্প্ৰতিক স্থিতিৰ বিষয়ে মত বিনিময় কৰে। আলোচনাকালত...

August 16, 2024 8:02 PM

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীৰ এখন সংবাদ মেলত জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি জম্মু-কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত, ২৫ ছেপ্টেম্বৰ আৰু পহিলা অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। আনহাতে, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন পহিলা অক...

August 16, 2024 7:56 PM

২০২২ বৰ্ষৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। ‘কান্তাৰা’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ঋষভ চেত্ৰীক শ্রেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। তামিল কথাছবি ‘তিৰুচিত্ৰমবলম’ত কৰা অভিনয়ৰ বাবে নিত্যা মেনন আৰু গুজৰাটী চলচ্চিত্র ‘কচ্চ এক্সপ্ৰেছ’ত কৰা অভিনয়ৰ বাবে মানসী পাড়েখলৈ শ্ৰেষ্ঠ...

August 16, 2024 7:03 PM

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মনো ভাকেৰক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বর্ধনা

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা মনো ভাকেৰক সম্বর্ধনা জনায়। মনো ভাকেৰক তেওঁ ১০ লাখ টকাৰ এখন চেক্‌ উপহাৰ দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সোণোৱালে কয় যে মনো ভাকেৰৰ সামৰ্থ, নিষ্ঠা আৰু দায়বদ্ধতা আছে। দেশৰ বাবে অনাগ...

August 16, 2024 7:00 PM

কাইলৈ পুৱাৰ পৰা ভাৰতীয় চিকিৎসা সংস্থাৰ ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান

ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা ৬ বজাৰপৰা ২৪ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটী ৱাৰ্ডসমূহ খোলা ...

August 16, 2024 6:50 PM

আজিৰে পৰা অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি

অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে অহা মাহৰ ১৫ তাৰিখলৈ অমৃত উদ্যান পৰিদৰ্শন কৰিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যান গ্রীষ্মকালীন-২০২৪ বুধবাৰে মুকলি কৰিছিল। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলক অহা ২৯ আগষ্টত ৰাষ্ট্ৰ...

August 16, 2024 6:47 PM

নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীৰ নেচনেল ল ইউনিভাৰচিটি আই পি ল আৰু ব্যৱস্থাপনাত যুটীয়া স্নাতকোত্তোৰ এল এল এমৰ প্ৰথমটো বেটছৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতক প্ৰায়ে বৌদ্ধিক সম্পত্তিৰ সোণৰ খনি বুলি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।