September 10, 2024 1:07 PM
বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ পৰা ৫ শতাংশলৈ হ্ৰাস
সামগ্ৰী আৰু সেৱা কৰ পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিষদৰ ৫৪ সংখ্যক বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত...