ৰাষ্ট্ৰীয়

September 10, 2024 8:55 PM

চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগঃ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰিছে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰত চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ৫ হাজাৰ চাইবাৰ কমাণ্ডোক প্রশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত চাইবাৰ অপৰাধ সমন্বয...

September 10, 2024 8:53 PM

হাৰিয়ানা বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ ২১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ভাৰতীয় জনতা পাৰ্টীয়ে আজি হাৰিয়ানা বিধানসভাৰ আসন্ন নির্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত আন এখন তালিকা প্রকাশ কৰে। তালিকা অনুসৰি জুলানা বিধানসভা আসনৰ পৰা যোগেশ বৈৰাগীয়ে অলিম্পিকত ভাৰতৰ হৈ অংশ লোৱা ৱিনেশ ফোগাটৰ বিৰুদ্ধে আৰু ৰায় আসনৰ পৰা কৃষ্ণ গহলাৱাটে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বিমল...

September 10, 2024 8:52 PM

নতুন দিল্লীত কাইলৈ প্রধানমন্ত্রী মৎস্য কিষাণ সমৃদ্ধিসহ যোজনা মুকলি কৰিব মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কাইলৈ নতুন দিল্লীত প্রধানমন্ত্রী মৎস্য কিষাণ সমৃদ্ধিসহ যোজনা মুকলি কৰিব। তেওঁ লগতে মৎস্য পালন খণ্ডৰ বাবে উৎপাদন আৰু প্ৰসংস্কৰণ গোটৰ বাবে নিৰ্দেশনা জাৰি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ...

September 10, 2024 8:50 PM

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৰাজ্যিক মন্ত্ৰীসভাৰ সকলো সিদ্ধান্তৰ বিষয়ে ৰাজভৱনক অৱগত কৰাবলৈ ৰাজ্যপালৰ নিৰ্দেশ

পশ্চিমবংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক সংবিধানৰ ১৬৭ (গ) অনুচ্ছেদ অনুযায়ী ৰাজ্যিক মন্ত্ৰীসভাৰ সকলো সিদ্ধান্তৰ বিষয়ে ৰাজভৱনক অৱগত কৰাবলৈ নিৰ্দেশ দিছে। ৰাজ্যপালৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি সংবিধানৰ ১৬৭ নম্বৰ অনুচ্ছেদ ব্যৱস্থা অনুসৰি ৰাজ্য পৰিক্ৰম...

September 10, 2024 7:03 PM

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে ভাৰতৰ মতপোষণ

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তি ৰক্ষাৰ অভিযানসমূহক প্ৰভাৱিত কৰি আহিছে বুলি উল্লেখ কৰি বিশেষকৈ আফ্ৰিকাৰ অংশগ্রহণেৰে পৰিষদক অধিক কাৰ্যকৰী কৰাৰ বিষয়ত নতুন দিল্লীয়ে গুৰুত্ব আৰোপ ...

September 10, 2024 7:02 PM

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে...

September 10, 2024 6:59 PM

ফিলিপাইন্‌ছত কাইলৈ ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে সহ-অধ্যক্ষতা কৰিব

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে কাইলৈ ফিলিপাইন্‌ছৰ ৰাজধানী মনিলাত হ'বলগীয়া ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত সহ-অধ্যক্ষতা কৰিব। ফিলিপাইন্‌ছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অবৰ সচিব ইৰিনিঅ' ক্রুজ এছপিন'ৱে শ্ৰী আৰমানেৰ সৈতে এই বৈঠকত সহ-অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা ম...

September 10, 2024 6:55 PM

নাগালেণ্ডত অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবঃ উপ-মুখ্যমন্ত্ৰী ৱাই পেটন

নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। গৃহ মন্ত্ৰ্যালয়ৰো দায়িত্বত থকা শ্ৰী পেটনে জনসাধাৰণক এইবুলি আশ্বাস দিয়ে যে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আ...

September 10, 2024 6:54 PM

নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানে আজি নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে এটা সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰে। ৰাষ্ট্ৰীয় ঔষধনিৰ্ভৰ চিকিৎসা কেন্দ্ৰ আৰু হাঁওফাঁও, জটিল আৰু নিদ্ৰাজনিত ৰোগৰ চিকিৎসা বিভাগৰ সহযোগত এই কেন্দ্ৰটো বিকশাই তোলা হৈছে। ধঁপাতৰ প্ৰতি আসক্তিত ভোগা লোকসকলক সহায় কৰাই এই ...

September 10, 2024 6:51 PM

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।