ৰাষ্ট্ৰীয়

April 28, 2024 8:20 PM

বিহাৰৰ গোপালগঞ্জ জিলাত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যৰত দুজন আৰক্ষীৰ মৃত্যু

বিহাৰৰ গোপালগঞ্জ জিলাৰ চিৱালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰহিমা বজাৰৰ সমীপত সামগ্ৰী কঢ়িওৱা এখন বাহন আৰু বাছৰ মাজত সংঘটিত দুৰ্ঘটনাত নির্বাচনী কর্তব্যত থকা দুজন আৰক্ষীৰ লোকৰ মৃত্যু হয়। গোপালগঞ্জৰ আৰক্ষী অধীক্ষক স্বর্ণ প্রভাতে কয় যে, নির্বাচন অনুষ্ঠিত হ'বলগীয়া চপৌল জিলালৈ আৰক্ষীৰ লোকক লৈ যোৱা ৩ খন বাছ...

April 28, 2024 8:14 PM

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লো...

April 28, 2024 6:15 PM

পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি বিজেপিৰ সভাপতি জে পি নাড্ডাৰ অভিযোগ

বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগৰ সন্দেশখালীৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জে পি নাড্ডাই কয় যে, সন্দেশখালিত একাংশ দুস্কৃতিকাৰী প্ৰায়ে সমাজবিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছে। চৰকাৰখনে এই সমাজ বিৰোধী চ...

April 28, 2024 6:10 PM

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীৰ পদত্যাগ

দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দ সিং লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত অৰবিন্দ সিং লাভলীয়ে কয় যে, দিল্লী কংগ্ৰেছে আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰিছিল। কিয়নো দিল্লী কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টী ...

April 28, 2024 6:05 PM

কৰ্ণাটকৰ বেলগাৱিত নির্বাচনী সভাত অংশলৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা কৃষক তথা জনসাধাৰণ উপকৃত হোৱাৰ কথা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেলগাৱিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত জনতাক সম্বোধন কৰি তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপি চৰকাৰে কৃষক উৎপাদক সংস্থাৰ জৰিয়তে খেতিয়কসকলৰ বাবে কৃষি উৎপাদিত সামগ্ৰীৰ বজাৰ মুকলি কৰি ক্ষুদ্ৰ কৃষকসকলক সহায় কৰি আহি...

April 28, 2024 1:20 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালত ৰে'লযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰে'ল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্...

April 28, 2024 12:37 PM

views 1

মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিতঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বছৱৰাজ বোম্মাই

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাড়াগ হাৱেৰী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বছৱৰাজ বোম্মাইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে, প্রধানমন্ত্ৰী মাৰাঠা শাসক ছত্রপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আহিছে। হাৱেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগ...

April 28, 2024 12:32 PM

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ ...

April 28, 2024 12:27 PM

বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছেঃ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ তপোৱন ময়দানত কালি এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে, বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। তেওঁ কয় যে, বিজেপি চৰকাৰে সদায় মহিলা আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ প্ৰদান কৰ...

April 27, 2024 7:25 PM

দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ প্ৰচাৰ অব্যাহত

তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।