ৰাষ্ট্ৰীয়

September 26, 2024 10:28 AM

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৫৪.১১ শতাংশ ভোটদান

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কালি সন্ধিয়া ৭ বজা পর্যন্ত ৫৪.১১ শতাংশ ভোটদান হয়। নির্বাচন আয়োগে ২৬টা বিধানসভা সমষ্টিত শান্তিপূর্ণভাৱে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা অবিহনে ভোটগ্রহণ অনুষ্ঠিত হোৱা বুলি জানিবলৈ দিছে। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বা...

September 26, 2024 10:25 AM

ৰাছিয়াৰ বিদেশ মন্ত্রীৰে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে নিউয়র্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৭৯ সংখ্যক সাধাৰণ সভাৰ আপাহতে যোৱানিশা ৰাছিয়াৰ বিদেশ মন্ত্রী ছাৰ্গেই লেভৰভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয় যে, বৈঠকৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু বি...

September 26, 2024 10:20 AM

প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজস্থানৰ সুৰসাগৰৰ প্ৰাক্তন বিধায়ক সূর্যকান্তা ব্যাসৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে কয় যে, জন কল্যাণমূলক কামৰ বাবে বিধায়কগৰাকী চিৰস্মৰণীয় হৈ ৰ'ব। শেহতীয়া যোধপুৰ ভ্ৰমণৰ সময়ত প্রয়াত ব্যাসে বিমান ব...

September 26, 2024 10:16 AM

দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যক সাক্ষাৎ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ বাসগৃহত ৪৫ সংখ্যক দবা অলিম্পিয়াডত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ভাৰতীয় দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খিতাপ অৰ্জন কৰা খেলুৱৈসকলৰ মাজত আয়োজিত এখন খেল উপভোগ কৰে। উল্লেখযোগ্য যে, হাংগেৰীৰ বুডাপেষ্টত শেহতীয়াকৈ অ...

September 26, 2024 10:12 AM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ২২ হাজাৰ ৬ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন ভালেমান প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব ৷ প্রধানমন্ত্ৰীয়ে আজি পুনেৰ জিলা আদালতৰ পৰা স্বৰগেটলৈ চলিবলগীয়া মেট্‌ ৰে'লৰ...

September 26, 2024 10:08 AM

ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শণিবাৰে হায়দাবাদৰ সমীপৰ বলাৰূমত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। এই মহোৎসৱ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ চহকী আৰু বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। ৰাষ্ট্ৰপতি নিলয়মত সাং...

September 25, 2024 8:09 PM

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা...

September 25, 2024 7:56 PM

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে চিলিৰ ৰাষ্ট্ৰপতিৰ মত পোষণ

চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়ল বৰিছ ফ'ণ্টে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ সপক্ষে মত পোষণ কৰিছে। নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধিবেশনৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে । ত...

September 25, 2024 7:50 PM

দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে : শ্রম মন্ত্ৰালয়

শ্রম মন্ত্ৰালয়ে জাৰি কৰা বাৰ্ষিক পর্যাবৃত্ত শ্রম শক্তি জৰীপ অনুসৰি যোৱা বছৰ দেশত কর্মসংস্থাপনহীনতাৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। এই ক্ষেত্ৰত হাৰিয়ানাৰ দৰে ৰাজ্যসমূহে গুৰুত্বপূৰ্ণ প্ৰগতি লাভ কৰিছে। প্রতিবেদন অনুসৰি ২০২৩-২৪ বৰ্ষৰ কর্মসংস্থাপনহীনতাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৩ দশমিক ২ শতাংশ আছিল। এই হাৰ ২...

September 25, 2024 7:47 PM

আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ৰ দ্বিতীয় সংস্কৰণক সম্বোধন উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ ভিতৰত অন্যতমৰূপে আৰু গোলকীয় বিনিয়োগৰ আকৰ্ষণীয় স্থলীৰূপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নইডাত আয়োজিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৪ ৰ দ্বিতীয় সংস্কৰণক সম্বোধন কৰি শ্ৰীধনখড়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।