ৰাষ্ট্ৰীয়

May 8, 2024 11:36 AM

এ এছ বি চি এছীয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ৪৩টা পদক অৰ্জন

কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২বছৰৰ অনুৰ্দ্ধ আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে ৪৩টাকৈ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লাভ কৰা ৪৩টা পদকৰ ভিতৰত ১২টা হৈছে সোণৰ পদক, বাকী ১৪টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক। ভাৰতীয় ২২ বছৰ অনুৰ্ধ দলটোৱে কালি ৭টা সোণৰ, ৫টা ...

May 8, 2024 11:34 AM

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ বৈঠক অনুষ্ঠিত

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত কালি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাৱড়ে, অৰুণ সিং, বি এল সন্তোষ আৰু দলৰ জ্যেষ্ঠ নেতা অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।

May 11, 2024 3:18 PM

লোকসভা নিৰ্বাচনৰ বাকী কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ বাকী কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন ঠাইত নির্বাচনী সভা আৰু ৰোড শ্ব’ত ভাগ লোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ আহমেদ নগৰত এখন নির্বাচ...

May 8, 2024 11:30 AM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬৪.৫-৮ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্রায় ৬৪.৫-৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭-১ শতাংশ, বিহাৰত ৫৮.১-৮ শতাং...

May 7, 2024 9:32 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৬১. ৪৫ শতাংশ ভোটৰ বিপৰীতে অসমত  ৭৫.৩ শতাংশ ভোটদান

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে নিশা ৮ বজা পর্যন্ত ৬১. ৪৫ শতাংশ ভোটদান সম্পন্ন হৈছে। অসমত ৭৫.৩ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী সমষ্টিত ৬৮.৯৩ শতাংশ, বৰপেটা সমষ্টিত ৭৬.৭৩ শতাংশ, কোকৰাঝাৰত ৭৪ .২৪ শতাংশ আৰু ধুবুৰীত ৭৯.৭ ০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ১০...

May 7, 2024 9:10 PM

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণ...

May 7, 2024 9:07 PM

কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰে গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত

কাশ্মীৰৰ কুলগাম জিলাৰ ৰেদৱানী পায়ী গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এটা গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু সেনা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোত কালি নিশা অভিযান চলায় । দলটো কাষ চপা...

May 7, 2024 9:01 PM

সীমান্ত পথ সংস্থা বি আৰ অ’ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

সীমান্ত পথ সংস্থা বি আৰ অ'ৰ আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেয়ে সংস্থাটোক প্ৰতিকূল বতৰৰ পৰিস্থিতি নেওচি তথা দুর্গম অঞ্চলতো সফলভাৱে সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে। বি আৰ অ'ৰ এটা অতি গুৰুত্বপূৰ্ণ সংস্থা হিচাপে অভিহিত কৰি বি আৰ অ'য়ে দুর্গ...

May 7, 2024 8:23 PM

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনৰ অহা ১ জুনত হ'বলগীয়া সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হি...

May 7, 2024 7:59 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি

নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২০ মে'লৈ বৃদ্ধি কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত আজি এই নির্দেশ দিয়ে। উল্লেখযোগ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।