ৰাষ্ট্ৰীয়

May 9, 2024 5:25 PM

মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে, মহাৰাণা প্রতাপৰ জীৱনটোক সাহস, আত্মসন্মান আৰু শৌর্যৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে, তেওঁৰ এই গুণাৱলীয়ে দেশবাসীক আজিও অনুপ্ৰাণিত কৰি আহিছে।

May 9, 2024 5:17 PM

বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবেই তে...

May 9, 2024 12:49 PM

৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব'ত ভাগ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগ...

May 9, 2024 12:47 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮৬ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ ...

May 9, 2024 12:44 PM

ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত পদ্ম বঁটা প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক বঁটাটি পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী-এই তিনিটা শাখাত প্ৰদান কৰা হয়। কলা, সামাজিক কর্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰ...

May 9, 2024 12:40 PM

মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে’লৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰি নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে'লৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি ন্যায়ালয়ৰ সন্মুখত হাজিৰ হোৱা সময়ত বিশেষ ন্যায়াধীশ কাৱেৰে বাৱেজাই ছিছোদিয...

May 9, 2024 12:36 PM

তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্য্যসূচীৰে মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামিৰ কালি নতুন দিল্লীত উপস্থিত

মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্য্যসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বিয়লি ভাৰতৰ বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ কথা আছে। বিদেশ মন্ত্রালয়ে কৈছে যে ভাৰত মহাসা...

May 9, 2024 12:27 PM

ইণ্ডিয়ান অভাৰছিছ কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা ছেম পিট্ৰোডাৰ পদত্যাগ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছেম পিট্রোডাৰ বৰ্ণবাদী মন্তব্যক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে নেতাগৰাকীয়ে পদত্যাগ কৰিছে। সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত নেতাগৰাকীয়ে পূব ভাৰতৰ লোকসকলক চীনা লোকৰ নিচিনা, পশ্চিম ভাৰতৰ লোকসকলক শ্বেতাংগৰ নিচিনা আৰু দক্ষিণ ভাৰতৰৰ লোকক আফ্ৰিকাৰ লোকৰ নিচিনা দেখি বুলি তেও...

May 9, 2024 12:12 PM

বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ ক’ভিশ্বিল্ড

কৰ'না ভেকচিনৰ পাৰ্শ্বক্ৰিয়া থকা বুলি সর্বত্রে হোৱা চৰ্চাৰ পৰিপ্ৰেক্ষিতত ক'ভিশ্বিল্ডৰ প্রস্তুতকর্তা এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে এই ভেকচিনবিধ বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। ব্ৰিটিছ ঔষধ প্রস্তুতকর্তা কোম্পানীটোৱে এই ভেকচিনবিধৰ ক্ৰয় আৰু বিক্ৰয়ৰ লগতে ইয়াৰ উৎপাদন আৰু যোগান বন্ধ ...

May 8, 2024 8:28 PM

ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণৰ

বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে আজি ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন কৰে। শ্ৰীগান্ধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমযোগে আজি কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ৰাজহু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।