ৰাষ্ট্ৰীয়

May 17, 2024 12:40 PM

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ...

May 17, 2024 12:36 PM

নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা। দিল্লীৰ এটা সংবাদ গোষ্ঠীক কালি দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, বিশ্বৰ সন্মুখত নিজৰ নিদৰ্শনমূলক কামসমূহ দাঙি ধৰাটো তেওঁৰ চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে, গণতন্ত্রত নির্বাচনক অকল জয়-পৰাজয়ৰে পৰিভাষিত কৰা উচিত নহয়...

May 17, 2024 12:35 PM

অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে নির্বাচন আয়োগৰ কঠোৰ স্থিতি গ্ৰহণ

নির্বাচন আয়োগে অন্ধপ্রদেশত সংঘটিত নির্বাচনোত্তৰ হিংসাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে লগতে গৃহ মন্ত্ৰ্যালয়ক ভোট গণনাৰ পাছতো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৫টা কোম্পানীক অন...

May 17, 2024 12:16 PM

২০ মে’ত ভোটগ্রহণ হ’বলগীয়া ৪৯টা সমষ্টিৰ বাবে শাসক-বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে'ত ভোটগ্রহণ হ'বলগীয়া ৪৯টা সমষ্টিৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতাসকলে অন্তিম প্রয়াস চলাইছে। ইফালে, ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নে...

May 16, 2024 8:48 PM

লোকসভা নিৰ্বাচনৰ ৫ম-৬ষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ সভা

লোকসভা নিৰ্বাচনৰ ২০ মে'ত ৪৯টা সংসদীয় সমষ্টিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পৰহিলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। আনহাতে, ২৫ মে'ত হ’বল...

May 16, 2024 8:44 PM

লোকসভা নিৰ্বাচনৰ প্ৰথম ৪টা পৰ্যায়ত ৪৫ কোটি ১০ লাখৰো অধিক লোকৰ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম ৪টা পৰ্যায়ত ৪৫ কোটি ১০ লাখৰো অধিক লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। নির্বাচন আযোগে আজি এটা বিবৃতিযোগে প্রথম ৪টা পৰ্যায়ত সামগ্রিক ভোটদান ৬৬.৯৫ শতাংশ হোৱা বুলি উল্লেখ কৰে। ভোটদানৰ উচ্চ হাৰ ভাৰতীয় ভোটদাতাসকলৰ হৈ বিশ্বৰ বাবে বার্তাস্বৰূপ বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে লগতে পৰ...

May 16, 2024 8:42 PM

মধুমেহ, হৃদ আৰু যকৃতৰ ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস

চৰকাৰে মধুমেহ, হৃদ আৰু যকৃৎ বিসংগতিৰ দৰে ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিছে। আৱশ্যকীয় ঔষধ সুলভ কৰি তোলাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ভেষজ মূল্য নির্ধাৰণ প্ৰাধিকৰণৰ বৈঠকত আজি এই সিন্ধান্ত গ্ৰহণ কৰা হয়। ঔষধ প্রস্তুত কোম্পানীসমূহক বিভিন্ন ঔষধৰ মূল্য হ্ৰাস কৰাৰ বিষয়ে ডিলাৰ আৰু পাইক...

May 16, 2024 8:41 PM

আকাশবাণীৰ সঞ্চালকপ্রধান হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণীৰ সঞ্চালকপ্রধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় তথ্য সেৱাৰ ১৯৯১ বেটছৰ বিষয়া শ্রীমতী চক্ৰৱৰ্তী প্ৰেছ ইনফৰমেশ্বন ব্যুৰ’ আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰ'কে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন সংস্থাত কাম কৰাৰ অভিজ্ঞতা আছে।

May 16, 2024 8:38 PM

পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ কৰিছে। আজি কাশ্মীৰৰ পুলৱামা জিলাৰ কিছাৰিগামত সন্ত্ৰাসবাদী সৰ্তাজ আহমেদৰ সম্পত্তি জব্দ কৰা হয়। ২০২০ চনৰ জানুৱাৰী মাহত সৰ্তাজক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা কেইবাটাও অস্ত্ৰ-শস...

May 16, 2024 6:44 PM

নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে দিল্লী বিজেপিৰ নেতা আৰু প্রার্থীৰ প্ৰাতঃভ্ৰমণকাৰীৰ সৈতে মত-বিনিময়

বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্রার্থীসকলে নির্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাতঃভ্ৰমণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেশৱপুৰমৰ হাটোডা ৰাম পাৰ্কত অঞ্চলটোৰ লোকসকলৰ সৈতে মত-বিনিময় কৰি পোষ্টাৰ আদি বিতৰণ কৰে। উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্রার্থ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।