ৰাষ্ট্ৰীয়

September 17, 2024 11:38 AM

ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ ধ্বজাবাহী উদ্যম সুভদ্রা আঁচনি মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ ধ্বজাবাহী উদ্যম সুভদ্রা আঁচনি মুকলি কৰিব। সুভদ্রা আঁচনিখন ওড়িশা চৰকাৰে ৰূপায়ণ কৰিবলগীয়া এখন অন্যতম বৃহৎ মহিলাকেন্দ্রিক আঁচনিৰূপে পৰিগণিত হৈছে। এই আঁচনিখনে এক কোটিতকৈও অধিক মহিলাক সহায়ৰ হাত আগবঢ়াব। এই আঁচনিৰ জৰিয়তে ২১ৰ পৰা ৬০ বছৰ বয়সৰ...

September 17, 2024 11:35 AM

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তুৰে  সমগ্র দেশতে স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ

সমগ্র দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চ...

September 16, 2024 8:04 PM

দিল্লীত ভাৰত ষ্টার্ট আপ ন’লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ভাৰত ষ্টার্ট আপ ন'লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি কৰে। ভাস্কৰ হৈছে অনলাইন আদান-প্ৰদানৰ এখন মঞ্চ, যিয়ে ষ্টার্ট-আপ বিনিয়োগকাৰী সেৱা প্ৰদানকাৰী আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহকে ধৰি ঔদ্যোগীকৰণৰ মূল অংশীদাৰসকলৰ মাজত সহযোগিতা কেন্দ্ৰীভূত, সুশৃংখল...

September 16, 2024 8:01 PM

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচা...

September 16, 2024 7:57 PM

তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ড্ৰণ পৰ্য্যবেক্ষণ কেন্দ্ৰ, স্তম্ভ লাইট আৰু সৌৰশক্তি প্ৰকল্পৰ দৰে কেইবাটাও সা-সুবিধা উৎসর্গা কৰে। অনুষ্ঠানত শ্ৰীসোণোৱালে কয় যে, প্রায় ৪০০ কোটি টকা ব্...

September 16, 2024 7:54 PM

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃ...

September 16, 2024 7:34 PM

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত

সন্তান সম্ভৱা আৰু শিশুসকলৰ পুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে আজি বাক্সা জিলাৰ ৩১ নম্বৰ আঞ্চলিক অংগনবাড়ী কেন্দ্ৰত কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সন্তান সম্ভৱা আৰু শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদ...

September 16, 2024 7:11 PM

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। এই উপলক্ষে ...

September 16, 2024 6:20 PM

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে বৰ্তমানলৈকে ৪৪৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰাৰ বিপৰীতে ৩৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন অবৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন ১৮ ছেপ্তেম...

September 16, 2024 6:15 PM

কাইলৈৰে পৰা দিল্লীত অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ অনুষ্ঠিত হ’ব

অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ কাইলৈৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত মণ্ডপমত এই কাৰ্যসূচী উদ্বোধন কৰিব। চাৰিদিনীয়া এই কাৰ্যসূচীত ২০০ গৰাকী বিদেশী প্রতিনিধিসহ ৪০ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। প্ৰদৰ্শনীৰ সময়ছোৱাত ১০০ কৈও অধিক প্ৰদৰ্শক আৰু ষ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।