ৰাষ্ট্ৰীয়

June 25, 2024 8:47 PM

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাক প্ৰক্ষেপ বিজেপিৰ

বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্রার্থী হিচাপে বাচনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অ...

June 25, 2024 8:44 PM

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হৈছে

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হোৱাৰ ফলত এইবাৰ নিম্নসদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং সৌহান, মনোহৰ লাল, এ...

June 25, 2024 8:31 PM

অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়...

June 25, 2024 8:24 PM

সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰৰ উপ-ৰাষ্ট্ৰপতি ধনখড়ে শপত বাক্য পাঠ কৰোৱায়

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী এল মুৰুগান আৰু ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ উপস্থিত থাকে।

June 25, 2024 6:48 PM

স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটীৰ প্ৰথমলানি বৈঠক সম্পন্ন

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ জৰিয়তে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ কমিটীখনৰ প্ৰথমলানি বৈঠক সম্পন্ন হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সমিতিৰ অধ্যক্ষ ড° কে ৰাধাকৃষ্ণণে কৈছে যে সমিতিখনৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰা পৰাম...

June 25, 2024 6:45 PM

বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত প্রাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্রাক্-বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰী, মুখ্য অর্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰন, বিত্ত বিভাগৰ সচিব টি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ...

June 25, 2024 6:36 PM

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ওম বিৰলা

বিজেপিৰ জ্যেষ্ঠ নেতা ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। অধ্যক্ষৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ...

June 25, 2024 1:19 PM

দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে ডেকাৰ কাৰ্যকাল বৃদ্ধিত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ পিছত কৰ্মচাৰী মন্ত্ৰালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষৰ অহা ৩০ জুনত তেওঁৰ চাকৰি...

June 25, 2024 1:08 PM

অষ্টাদশ লোকসভাৰ কালি প্ৰথমখন অধিৱেশনত নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অস্থায়ী অধ্যক্ষ ভার্চুহাৰি মহতাবক শপত বাক্য পাঠ কৰোৱায়। অধিৱেশনত প্ৰথমে নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে সদনৰ ...

June 25, 2024 12:54 PM

নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা

কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ এম কে ৰমেশে নীটৰ প্রশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে, ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।