September 5, 2024 6:03 PM
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ
নির্বাচন আয়োগে আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা ১২ ছেপ্তেম্বৰ। ১৩ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইফালে, ১৬ ছেপ্তেম্বৰৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব।...