September 10, 2024 12:19 PM

ৰাজ্যৰ ৪,৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ ৪ হাজাৰ ৮৫৪ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। বিভাগীয় ৱেবছাইটৰ পৰা শিক্ষকসকলে তেওঁলোকৰ নিযুক্তি পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকে এই সম্পৰ্কত কালি এটা বিশেষ নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰে ঠিকাভিত্তিত কৰ্মৰত প্ৰায় ২৪ হাজা...

September 10, 2024 12:18 PM

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধনৰ জি এছ টি ৰেহাই

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিশ্ববিদ্যালয়সমূহলৈ গৱেষণা আৰু উন্নয়নৰ বাবে দিয়া ধন সামগ্ৰি আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ পৰা ৰেহাই দিয়া হ'ব বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ঘোষণা কৰিছে। এই ক্ষেত্ৰত আইকৰ ৰেহাইৰ সুবিধা লাভ কৰা বিশ্ববিদ্যালয়সমূহেও ইয়াৰ পৰা উপকৃত হ'ব। কালি সামগ্ৰী আ...

September 9, 2024 8:37 PM

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত ডº এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে আজি ৰিয়াধত অনুষ্ঠিত ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমলানি বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগতে উপসাগৰীয় সহযোগিতা পৰিষদৰ একাংশ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় বিষয় সামৰি ...

September 9, 2024 8:34 PM

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ আম আদমী পাৰ্টীৰ ২০ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

আম আদমী পাৰ্টীয়ে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২০ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে বীজেন্দ্ৰ হুদাক ৰহতক আসনৰ পৰা আৰু ইন্দু শৰ্মাক ভিৱানি আসনৰ পৰা দলীয় প্রার্থি হিচাপে প্ৰক্ষেপ কৰিছে। পবন ফৌজিক উচানা কালান আৰু জয়পাল শৰ্মাক ঘৰোন্দা সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা...

September 9, 2024 8:33 PM

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰৰ ১...

September 9, 2024 8:31 PM

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউৰ মাজত ৫ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউ এ ইয়ে পাৰমানৱিক শক্তি আৰু পেট্রলিয়ামকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৫ খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰে ভিতৰত বাৰাকাহ পাৰমানবিক শক্তি প্ৰকল্পৰ সঞ্চালন আৰু তদাৰক সন্দৰ্ভত এমিৰ্টেছ নিউক্লিয়াৰ এনার্জী কোম্পানী আৰু নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেডৰ মাজত স্ব...

September 9, 2024 8:13 PM

এম পক্স সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে এম পক্স নাইবা মাংকি পক্সত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ নিৰীক্ষণ আৰু পৰীক্ষাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এই পৰামৰ্শ জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই এম পক্সক লৈ জনস্বাস্থ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্বেগ সৃষ্টিকাৰী জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছতে কেন...

September 9, 2024 8:11 PM

বিজেপিৰ দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৈঠক অনুষ্ঠিত

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে আজি বশিষ্ঠত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৱাৰ্ড পাৰিষদসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত...

September 9, 2024 8:09 PM

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰক...

September 9, 2024 8:07 PM

অৱসৰ ল’ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ

ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ ১ জুলাইৰ পৰা অহা বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অৱসৰ ল'ব লগা শিক্ষক-কৰ্মচাৰীৰ তথ্য দাখিল কৰিবলৈ সকলো জিলাৰ শিক্ষা বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া নিম্ন প্ৰাথমিক, উচ্চ প্রাথমিক শিক্ষক, তৃতীয় আ...