September 25, 2024 12:45 PM

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ সৈতে আছুৰ বৈঠক

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রীয়ে কয় যে এই সন্দৰ্ভত সংগঠনটোৰ পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ পাছত অন্য সংগঠনৰ সৈতেও...

September 25, 2024 12:44 PM

ৰাজ্যৰ বিদ্যালয়সমূহত তৃতীয়-ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত ‘চৰিত্ৰ পাঠ’ৰ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত

ৰাজ্যৰ বিদ্যালয়ৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত চৰিত্ৰ পাঠ শীৰ্ষক কিতাপখন পুনৰ প্ৰৱৰ্তন হ'ব। মূল্যবোধৰ শিক্ষাত গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা এই সিদ্ধান্ত কাৰ...

September 25, 2024 12:42 PM

গুৱাহাটীৰ কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথৰ দ্বৈতকৰণৰ প্রয়োজনীয় ভূমি আবণ্টনত কেবিনেটৰ অনুমোদন

অসম মন্ত্ৰীসভাৰ বৈঠকে কামাখ্যাৰ পৰা আজাৰা হৈ গোৱালপাৰা সংযোগী ৰে’লপথছোৱাৰ দ্বৈতকৰণৰ বাবে প্রয়োজনীয় ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এ...

September 25, 2024 12:40 PM

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে ১,১০০টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন

ৰাজ্যত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে এহেজাৰ ১০০ টা ঘৰৰ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৩ হাজাৰ ৭২৩ কিলোৱাট উৎপাদন ক্ষমতাৰ সংযোজন ঘটিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু এই আঁচ...

September 25, 2024 12:39 PM

গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত ২৭ ছেপ্টেম্বৰত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান

আধুনিক অসমীয়া সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান অহা ২৭ ছেপ্টেম্বৰৰ বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'ব। শতবার্ষিকী উদযাপন সমিতিয়ে সংবাদ মেল সম্বোধ...

September 25, 2024 12:37 PM

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চিৰাঙৰ শান্তিপুৰত অতি দৰিদ্ৰ পৰিয়ালৰ মাজত এককালীন আর্থিক সাহায্য প্ৰদান

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ এলেকাৰ অতি দৰিদ্ৰ পৰিয়ালৰ মাজত এককালীন আর্থিক সাহায্য প্ৰদান কৰা হয়। অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। শান্তিপুৰ ভি চি ডি চি কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৩ শতাধিক মহিল...

September 25, 2024 12:33 PM

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱা উপলক্ষে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে যুৱ শক্তিক গতি প্ৰদানৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কৈছে যে যুৱক-যুৱতীসকলক নতুন চাকৰি লাভ কৰাৰ লগতে অতিৰিক্ত আয়ৰ উৎস সৃষ...

September 25, 2024 12:31 PM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 25, 2024 12:30 PM

লখিমপুৰত জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাবিষয়ক প্ৰশিক্ষণ কার্যসূচী

জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত নতুন ঔষধ ব্যৱস্থাৰ বিষয়ে লখিমপুৰ জিলা সন্মিলন কেন্দ্ৰত মঙলবাৰে প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যিক যক্ষ্মা বিষয়া, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শদাতা, লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা যক্ষ্মা আৰু এইডছ নিয়ন্ত্ৰণ বিষয...

September 25, 2024 12:28 PM

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ কিৰণ টায়েঙৰ স্বর্ণপদক অৰ্জন

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাৰ ৯৫ কিলোগ্রাম ওজন শাখাত অসমৰ কিৰণ টায়েঙে স্বর্ণপদক অৰ্জন কৰিছে। ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ মুম্বাইত এই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অসমৰ মুঠ ৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কিৰণ টায়েং হ’ল এই প্রতিযোগিতাত খিতাপ অৰ্জ...