March 29, 2024 9:58 PM

জম্মু-কাশ্মীৰত যাত্ৰীবাহী বাহনৰ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ল...

March 29, 2024 9:54 PM

শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিল। প্রধানমন্ত্ৰীয়ে তেওঁৰ দেহাৱসানক ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰিছে। শ্রীমোদীয়ে এটা ব্লগযোগে কয় যে, কিছু বছৰ পূৰ্বে স্বামী আত্মস্থানন্দজীৰ মৃত্যু আৰু এতিয়া স্বামী স্মৰণানন্দজীৰ বিয়োগে ভা...

March 29, 2024 9:52 PM

চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়

চৰকাৰী ই-মার্কেট প'ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় ...

March 29, 2024 9:49 PM

ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক নির্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ অহা ১৯ এপ্ৰিলত ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক নির্বাচনী প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি চৰাইদেউ জিলাৰ মাহমৰা...

March 29, 2024 9:47 PM

অসমত ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে অসমত চাৰিখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। ১ এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ জিলা চাৰিখন হ'ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়। ইপিনে নাগালেণ্ডৰ ৮খন জিলাত আৰু অৰুণাচল প্ৰদেশৰ এখন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমত...

March 29, 2024 9:45 PM

কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ দেশৰ ৰাজ্যসমূহক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰে শলাগ লৈছে। কৰ্কট ৰোগৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্যসমূহক আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ অর্থনৈতিক উপ...

March 29, 2024 9:43 PM

ৰাজ্যৰ সকলো পেট্র’ল ডিপো ৪৮ ঘণ্টাৰ বাবে বন্ধ ঘোষণা নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ

নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনে কাইলৈ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈকে ৰাজ্যৰ সকলো পেট্র’ল ডিপো বন্ধৰ কথা ঘোষণা কৰিছে। দীৰ্ঘদিনীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত সংস্থাটোৱে ৪৮ ঘণ্টীয়া পেট্ৰ'ল ডিপো বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সংস্থাটোৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি...

March 29, 2024 9:41 PM

শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ

শোণিতপুৰ লোকসভা সমষ্টিৰ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজি পৰীক্ষা কৰাৰ পাছত নাকচ কৰা হয়। শোণিতপুৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ও...

March 29, 2024 9:39 PM

শিৱসাগৰ জিলাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি জিলা আয়ুক্তৰ

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদবে জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বে-আইনী কাৰ্যকলাপৰ উদ্দেশ্যে ১০ জন বা তাতোধিক ...

March 29, 2024 9:37 PM

লখিমপুৰ শদিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত টেলিফোনসহ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ মুকলি

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইয়াৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শদিয়া জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ে মহকুমাধিপতি কাৰ্যালয়ত দুটা টেলিফোনৰ সৈতে নিৰ্বাচনী নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। নিৰ্বাচনী নিয়ন্ত্রণ ক...