April 5, 2024 7:12 PM

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কালি আছিল অন্তিম দিন। অহা ২৬ মাৰ্চত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশ তথা ১২ খন ৰাজ্...

April 5, 2024 7:10 PM

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ মনোনয়ন পত্ৰ দাখিল

◊ দেশৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চুৰুত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সমাবেশত সমবেত লোকসকলক সম্বোধন কৰিব। শ্রীমোদী কাইলৈ পুস্কৰত উপস্থিত হ'ব। ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে ছিট্টোগড়ৰ পৰ...

April 5, 2024 7:06 PM

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

♦ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহুবিকল্প থ...

April 5, 2024 6:53 PM

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই পৰ্যায়ত ৫ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্...

April 5, 2024 6:55 PM

আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ নির্বাচন আয়োগৰ জাননী

নির্বাচন আয়োগে আজি আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ জাননী জাৰি কৰিছে। নিজৰ ৰাজনৈতিক ভৱিষ্যৎ ৰক্ষা কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিবলৈ আতিশীক কোৱা হৈছিল বুলি তেওঁ অনা অভিযোগ সন্দৰ্ভত এই জাননী জাৰি কৰা হৈছে। এই জাননীৰ জৰিয়তে সোমবাৰৰ বিয়লিৰ পূৰ্বে প্ৰত্যুত্তৰ দিবলৈ তেওঁক কোৱা হৈছে...

April 5, 2024 6:45 PM

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আ...

April 5, 2024 6:46 PM

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ...

April 5, 2024 6:33 PM

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা-লোকনির্ণয়, ২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা-লোকনির্ণয়, ২০২৪' শীৰ্ষক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পলৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানত সমাগত লোকসভা নিৰ্বাচনৰ প্রস্তুতি সন্দৰ্ভত জিলা আয়...

April 5, 2024 6:26 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

♦আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব।

April 5, 2024 1:26 PM

ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

◊ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। হোজাইৰ দক্ষিণ কেন্দুগুৰি বৰনামঘৰৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি...