April 9, 2024 12:25 PM

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্ৰচেষ্টা অব্যাহত

বিভিন্ন জিলা প্রশাসনে ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, নির্বাচনী ব্যয় পর্যৱেক্ষণ, ভোটাৰ...

April 9, 2024 12:22 PM

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি ক্রমে ডিফু, দৰং-ওদালগুৰি, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইকেইটা সমষ্টিৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। অন্তিম দিনটোত ডিফু সমষ্টিৰ এজন প্ৰাৰ্...

April 9, 2024 1:04 PM

ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লখিমপুৰত এখন জনসভাত অংশগ্রহণ কৰিব। ইয়াৰ পাছতে...

April 9, 2024 12:12 PM

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ'ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্র...

April 9, 2024 12:09 PM

আই পি এল ক্রিকেটত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত চেন্নাই ছুপাৰ কিংছৰ, আজিৰ খেল পাঞ্জাব কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ

চেন্নাই ছুপাৰ কিংছে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি কলকাতাই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ শ্রেয়াছ আয়াৰে ৩২টা বলত সৰ্ব...

April 9, 2024 12:06 PM

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী টেক্সীচালক আহত

দক্ষিণ কাশ্মীৰৰ শ্ব’পীয়ান জিলাৰ হীৰপুৰা অঞ্চলত কালি বিয়লি সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এগৰাকী টেক্সীচালক আহত হয়। ঘটনাৰ পাছত আৰক্ষীৰ এগৰাকী মুখপাত্রই কয় যে এই ঘটনাত জড়িত সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ বাবে সুৰক্ষাবাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

April 9, 2024 12:04 PM

আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা সংগঠনৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ বিজেপিৰ

আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা ভুৱা সংগঠনৰ বিৰুদ্ধে বিজেপি নির্বাচন আয়োগৰ কাষ চাপিছে। দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এই সন্দৰ্ভত কয় যে কংগ্ৰেছ সেৱা দলৰ সহযোগত এই সংগঠনটোৰ সৃষ্টি হৈছিল। ইতিমধ্যে পঞ্জীয়কৰ কাৰ্যালয়, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে সংগঠনটো অবৈধ হিচাপে ঘ...

April 9, 2024 11:59 AM

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১,৬২৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

দেশত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৬২৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰিছে। নির্বাচন আয়োগে জনোৱা অনুসৰি মুঠ ১০২টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত এইসকল প্রার্থী নির্বাচনী যুজঁত অৱতীৰ্ণ হ'ব। ইয়াৰে এহেজাৰ ৪৯১ গৰাকী পুৰুষ আৰু ১৩৪ গৰাকী মহিলা প্রার্থী।

April 9, 2024 11:57 AM

মধ্যপ্ৰদেশৰ চিউনী আৰু শ্বাহদোলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি মধ্যপ্ৰদেশৰ জনজাতি অধ্যুষিত চিউনী আৰু শ্বাহদোলত দুখন ৰাজহুৱা সভা সম্বোধন কৰি মধ্যপ্ৰদেশত দলৰ হৈ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। ভাষণত শ্ৰীগান্ধীয়ে কংগ্ৰেছ দলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ উল্লেখ কৰে। তেওঁ ক্ষমতালৈ আহিলে কংগ্ৰেছ দলে অগ্নিবীৰ আ...

April 9, 2024 11:55 AM

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান অব্যাহত, বালাঘাটত আজি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা

মধ্যপ্রদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে তাৰকা প্ৰচাৰকসকলে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বালাঘাটৰ উৎকৃষ্ট ময়দানত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শেহতীয়া তিনিদিনৰ ভিতৰত এয়া হ'ব শ্রীমোদীৰ দ্বিতীয়টো মধ্যপ্রদেশ ভ্...