April 15, 2024 8:10 PM

ডাষ্টলিকত পঞ্চম ভাৰত-উজবেকিস্তান যুটীয়া সামৰিক অনুশীলন

ভাৰতীয় সেনাই আজি পঞ্চম ভাৰত-উজবেকিস্তান যুটীয়া সামৰিক অনুশীলন ডাষ্টলিকত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ৰাওনা হৈছে। উজবেকিস্তানৰ টাৰমেজত আজিৰে পৰা আৰম্ভ হোৱা এই সামৰিক অনুশীলনৰ অহা ২৮ এপ্ৰিলত সামৰণি পৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই অনুশীলনত ভাৰতীয় সশস্ত্র বাহিনীসমূহৰ ৬০ গৰাকী সদস্যই অংশগ...

April 15, 2024 8:00 PM

পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন কৰ্মশালাত

ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAIএ আজি নতুন দিল্লীত পৰিৱেশ অনুকূল প্রশমন ব্যৱস্থাকে ধৰি পৰিৱেশ আৰু অৰণ্য ৰক্ষা বিষয়ক এখন দিনজোৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে - পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰয়োগেৰে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে সবল ভেঁটি স্থাপন ...

April 15, 2024 8:06 PM

সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ নতুন দিল্লীত ষষ্ঠদশ বৈঠক

নতুন দিল্লীত আজি সন্ত্রাসবাদ প্রতিহত বিষয়ক ভাৰত-ফ্রান্স যুটীয়া কাৰ্য্যকৰী গোটৰ ষষ্ঠদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োপক্ষই সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা নতুন আৰু উন্নত প্রযুক্তি, সন্ত্রাসবাদী কাৰ্য্য-কলাপৰ বাবে ইন্টাৰনেটৰ অপ-ব্যৱহাৰ, মৌলবাদ তথা সন্ত্রাসবাদী গোটক বিত্তৰ যোগান আদিকে ধৰি সন্ত্ৰাসবাদ প্...

April 15, 2024 7:46 PM

কৃত্রিম বুদ্ধিমত্তা আদি নতুন প্রযুক্তিসমূহ কৰ ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, কৃত্রিম বুদ্ধিমত্তা আৰু উন্নত বিশ্লেষণাত্মক ব্যৱস্থা আদিৰ দৰে নতুন প্রযুক্তিসমূহ কৰ শাসন ব্যৱস্থাৰ উন্নীতকৰণৰ লগতে কৰফাঁকিৰ হাৰ হ্ৰাস কৰোৱাত সহায়ক হৈছে। ইয়াৰ ফলস্বৰূপে কৰদাতাসকলৰ কৰ ব্যৱস্থাটোৰ প্ৰতি আস্থা বৃদ্ধি পাইছে আৰু কৰ আদায়ৰ প্ৰতি তেওঁলোক দায়িত্বশীল হৈছ...

April 15, 2024 7:26 PM

কির্গিস্তানত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা দলৰ দুটাকৈ ৰূপ আৰু  ব্ৰঞ্জৰ পদক লাভ

কির্গিস্তানৰ বিচকেকত অনুষ্ঠিত ছিনিয়ৰ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতীয় মহিলা মল্লযুঁজাৰুৰ দলটোৱে দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি অনুষ্ঠিত মহিলাৰ ৭২ কেজি শাখাৰ এখন খেলত ভাৰতৰ হৰ্ষিতা চীনৰ কুয়ান জিয়াঙৰ হাতত ২-৫ ফলাফলত পৰাস্ত হোৱাৰ বিপৰীতে অঞ্জু পাংঘাল ৫৩ কেজি শাখাত উত্তৰ কোৰিয়াৰ...

April 15, 2024 7:18 PM

চাৰি দিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে

সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে আজিৰে পৰা চাৰি দিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে যে এই ভ্রমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা। তেওঁ উজবেকিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নে...

April 15, 2024 7:12 PM

নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ ...

April 15, 2024 7:07 PM

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিধি বলৱৎকাৰী সংস্থাসমূহৰদ্বাৰা দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ

লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত বিধি বলৱৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা ১ মাৰ্চৰ পৰা প্ৰতিদিনে এশ কোটি টকা জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলৱৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পর্যন্ত দেশত ৪...

April 15, 2024 6:52 PM

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান বিষয়ক আই এম এফ আৰু বিশ্ব বেংকৰ বুধবাৰে যুটীয়া বৈঠক

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান এই দুই বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অর্থাৎ আই এম এফ আৰু বিশ্ব বেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ'ব। আই এম এফৰ দ্বাৰা প্ৰকাশিত ৱাল্ড ইকনমিক আউটলুক শীর্ষক জার্নেলখন উন্মোচনেৰে এই সভা আৰম্ভ হয়। গোলকীয় অৰ্...

April 15, 2024 6:47 PM

আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি নাগপুৰৰ নেচনেল একাডেমী অব টেক্সেছত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰাজহ সেৱা চমুকৈ আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। এই অনুষ্ঠানত আই আৰ এছৰ এই বেটছটোত ৫৬ জন ভাৰতীয় ৰাজহ সেৱা বিষয়া আৰু দুজন ৰয়েল ভূটান সেৱাৰ বিষয়া আছে। এই আই আৰ এছ বিষয়াসকলক কেন্দ্ৰ...