April 16, 2024 11:25 AM

এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত জনসভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে

প্রধানমন্ত্রীয়ে আজি এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত দুখন জনসভা সম্বোধন কৰিব। ইয়াৰে প্ৰথমখন সভা গয়া লোকসভা সমষ্টিৰ গান্ধী মৈদানত আৰু দ্বিতীয়খন সভা পুর্নিয়াৰ ৰংভূমি মৈদানত আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো ঠাইতে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।...

April 16, 2024 11:20 AM

ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্রসাশনৰ মুকাভিনয় ভিডিঅ’ মুকলি

অসমৰ মৰিগাঁও জিলাত ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্রসাশনে আকর্ষণীয় মুকাভিনয় ভিডিঅ' মুকলি কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে বিশিষ্ট মুকাভিনয় শিল্পী তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকে মৌনতাৰ ভাষাৰে ভোটদানৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইপিনে জিলাখনৰ ৬টা আদৰ্শ ভোটগ্রহণ কেন্দ্ৰত চুনাৱ কা পৰ্ব উদযাপ...

April 16, 2024 11:15 AM

নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় ন...

April 15, 2024 9:19 PM

 নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধৰ উপৰি নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্র ৩ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।...

April 15, 2024 9:16 PM

ৰাজ্যৰ বিভিন্ন ঠাইত গোসাঁই বিহু, মুকলি বিহু, মঞ্চ বিহুকে ধৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰে ৰঙালী বিহু পালন

সাদিনীয়া ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। বটদ্ৰৱা, মাজুলী, আৰু বৰপেটা সত্ৰৰ উপৰি মঠ-মন্দিৰ, দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰি অন্যান্য উপ...

April 15, 2024 9:07 PM

কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা । তেওঁ যোৰহাট সমষ্টিৰ...

April 15, 2024 9:01 PM

লোকসভা নিৰ্বাচনত নিৰাপত্তা আৰু অন্যান্য দিশ সূক্ষ্মভাৱে তদাৰকৰ বাবে নিৰ্বাচন আয়োগৰ নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে...

April 15, 2024 8:57 PM

বড়ো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন

ৰাজ্যখনৰ বড়ো জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণে বিহুৰ সমান্তৰালভাৱে ব্যাপক উৎসাহ-উদ্দীপনাৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন কৰিছে। এই উপলক্ষে খাম, চিফুং, জটা, চেৰজাৰ শব্দত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। বড়ো লোকসকলে এই উৎসৱ উপলক্ষে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে নৃত্য গীতে...

April 15, 2024 8:47 PM

১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১০২ টা সংসদীয় সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত অসমৰ ৫ খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে, সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি অসমত ২ কোটি ৪৩ লাখ...

April 15, 2024 8:15 PM

তামিলনাডুৰ তিৰুনেলভেলীত নিৰ্বাচনী প্ৰচাৰত প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে দেশৰ বিকাশৰ বাবে প্ৰয়াস চলাই আহিছে। তামিলনাডুৰ তিৰুনেলভেলীত আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে বিজেপি চৰকাৰে দিয়া বিভিন্ন আশ্বাস সন্দৰ্ভত আলোকপাত কৰে। ডি এম কে আৰু কংগ্ৰেছে ড্ৰাগছ আ...