September 12, 2024 7:56 PM

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ প্ৰস্তুতি আৰম্ভ

অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা বিভিন্ন জিলাত সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হোৱাৰ লগতে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰপেটা জিলাত এই পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আ...

September 12, 2024 8:09 PM

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ আজি নতুন দিল্লীৰ অখিল ভাৰতী আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয়াত...

September 12, 2024 7:52 PM

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ ত্যাগ শংকৰ জ্যোতি বৰুৱাৰ

ছাত্র নেতা শংকৰ জ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰিছে। সামাজিক মাধ্যমযোগে ছাত্র নেতাগৰাকীয়ে প্ৰকাশ কৰা মতে শেহতীয়াভাৱে উত্থাপিত এটা বিতৰ্কৰ সত্য সত্যতা ন্যায়ালয়ত প্ৰমাণ হ'ব যদিও ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ স্বইচ্ছাই অব্যাহতি গ্ৰহণ কৰে ।

September 12, 2024 7:50 PM

১৪ ছেপ্তেম্বৰত দক্ষিণ শালমাৰাত লোক আদালত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত

১৪ ছেপ্তেম্বৰত অৰ্থাৎ‍ পৰহিলৈ দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচীৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাত লোক আদালত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি অব্যাহত আছে। জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। জিলাখনৰ ফেকামাৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ...

September 12, 2024 7:48 PM

১,৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি আয়ুষ মন্ত্ৰালয়ৰ

আয়ুষ মন্ত্ৰালয়ে তৃতীয় পৰ্যায়ৰ বিশেষ অভিযানৰ সময়ছোৱাত এহেজাৰ ৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৰ্মক্ষেত্ৰত পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ দিশটো উন্নত কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছিল। অভিযানৰ সময়ছোৱাত কেইবাটাও বিবেচনাধীন বিষয় নিষ্পত্তি কৰা হয়। ইয়াৰ ভি...

September 12, 2024 7:46 PM

সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদত দুগৰাকী ব্যক্তি নিহত

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত আজি অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি দুগৰাকী ব্যক্তি নিহত হয়। অবৈধ দখলকাৰীক উচ্ছেদৰ বাবে যোৱা আৰক্ষী প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এই লোক দুজনৰ মৃত্যু হয়। ঘটনাটোত সোণাপুৰৰ চক্ৰ বিষয়াস...

September 12, 2024 7:44 PM

জনসাধাৰণক ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

অসমত শেহতীয়াকৈঅবৈধ ট্রেডিং সম্পৰ্কীয় অপৰাধৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক এনেধৰণৰ ভুৱা অনলাইন ষ্টক মার্কেট ব্যৱসায়ত বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। বিনিয়োগ কৰা ধন অতি কম সময়ৰ ভিতৰতে দুগুণ হ'ব বুলি কোনো লোকে কৰা দাবী স্পষ্টতঃ ভুৱা বুলি তেওঁ উল্লেখ...

September 12, 2024 6:54 PM

অহা ১৫ ছেপ্তেম্বৰত পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়াৰ অহা ১৫ ছেপ্তেম্বৰত সামৰণি পৰিব । যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি ...

September 12, 2024 6:23 PM

৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ ৫ লাখ টকা পর্যন্ত স্বাস্থ্য বীমাৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বিশেষে ৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এ...

September 12, 2024 6:19 PM

তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক...