September 13, 2024 12:22 PM

ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাত ভাৰতৰ ৯টা সোণৰ পদক অৰ্জন

চেন্নাইত অনুষ্ঠিত ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাৰ কালি দ্বিতীয় দিনা ভাৰতে ৯টা সোণৰ পদক অৰ্জন কৰে। অনিশাই মহিলাৰ দিছকাছ থ্রোত দেশৰ হৈ প্ৰথমটো সোণৰ পদক দখল কৰে। অনিশা‍ই ৪৯. ৯-১ মিটাৰলৈ দিছকাছ থ্ৰো কৰি নতুন অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ২০১৮ চনত এ বাজুৱাৰ ৪৮.৬-০ মিটাৰৰ অভিলেখ ভংগ কৰে। অমানত কাম্বোজে ৰ...

September 13, 2024 12:18 PM

ডায়মণ্ড লীগ ফাইনেলত নীৰজ চোপ্ৰা আৰু অবিনাশ চাবলেৰ দেশক প্ৰতিনিধিত্ব

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী জেভলিন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ষ্টিপলছেজ দৌৰবিদ অবিনাশ চাবলে আজি বেলজিয়ামৰ ব্ৰুছেলছত আৰম্ভ হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। আজি প্রথম দিনা অবিনাশ চাবলে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব। দ্বিতীয় দিনা নীৰজ চোপ্ৰাই জেভলিন থ্রোৰ ফাইনেলত প্ৰতি...

September 13, 2024 12:16 PM

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্রীয় আইন সেৱা প্ৰাধিকৰণৰ নির্দেশ মতে অন্যান্য জিলাসমূহৰ লগতে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্সৰ গোচৰ, যান-বাহন আইন ১৯৮৮ অধীনৰ গোচৰসমূহ নিষ্পত্তিৰ দিহা কৰা হৈছে। তদুপৰি বিভিন্...

September 13, 2024 12:15 PM

২০২৫ বৰ্ষৰ সুভাষ চন্দ্র বসু দুর্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ বাবে মনোনয়ন আহ্বান

২০২৫ বৰ্ষৰ সুভাষ চন্দ্র বসু দুর্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ বাবে মনোনয়ন আহ্বান কৰা হৈছে। যিকোনো ব্যক্তি বা প্রতিষ্ঠানে এই পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰে। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। https//awards.gov.in অনলাইন প'ৰ্টেলত আবেদনৰ সবিশেষ জানিব পৰা যাব। উল্লেখযোগ্য যে অহা...

September 13, 2024 12:03 PM

বি টি আৰৰ কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ আৰু অসম সাহিত্য সভা ভৱন উন্নয়নৰ বাবে ১ কোটি টকাৰ অনুদান ঘোষণা

কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ আৰু অসম সাহিত্য সভা ভৱনৰ উন্নয়নৰ বাবে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ১ কোটি টকাৰ অনুদান ঘোষণা কৰে। কালি সন্ধিয়া কোকৰাঝাৰৰ ৰাসমেলা পথাৰত অৱস্থিত কোকৰাঝাৰ নামঘৰত চলি থকা ভাদমহীয়া নাম উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি বড়োৱে এই ঘোষণা কৰে। তেওঁৰ সৈতে কোকৰা...

September 12, 2024 8:14 PM

অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ বিমান পৰিবহন খণ্ড আমূল পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা সূচল হৈ পৰিছে আৰু যোগাযোগ ব্যৱস্থাও উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয় সন্মিলনত ভাষণ ...

September 12, 2024 8:12 PM

ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে বুলি ডº জীতেন্দ্ৰ সিঙৰ মন্ত্যব

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাজ্য মন্ত্ৰী ডº জীতেন্দ্ৰ সিঙে আজি কৈছে যে ভাৰতে জৈৱ-প্ৰযুক্তি ভিত্তিক জৈৱ বিপ্লৱৰ বাবে ৰোমাঞ্চকৰ সময়ৰ সূচনা কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি গোলকীয় জৈৱ ভাৰত ২০২৪ত ভাষণ দি শ্রী সিঙে কয় যে, এসময়ত পশ্চিমীয়া বিশ্ব তথ্য-প্রযুক্তি বিপ্লৱে জৈৱ বিপ্লৱে সেই একেই প্রভাব পেলাব...

September 12, 2024 8:11 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি সৰ্বকালৰ...

September 12, 2024 8:07 PM

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত কোৰিয়াক ৩-১ গলত পৰাস্ত ভাৰতৰ

ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত কোৰিয়াক ৩-১ গলত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুর্থ বিজয় সাবস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং হুন্দল আৰু অধিনায়ক হৰমন প্রীত সিঙে গল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গলটো দিয়ে। ভাৰতে ইতিমধ্য...

September 12, 2024 7:59 PM

চৰাইদেউ জিলা ১০০ দিনীয়া সজাগতা অভিযান অব্যাহত

চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনৰ সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত ৪ অক্টোবৰ পৰ্যন্ত ১০০ দিনীয়া সজাগতা অভিযান অব্যাহত আছে। ২১ জুনৰ পৰা চলি থকা এই অভিযানৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ ডবা তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত সামর্থ্য বিকাশ কাৰ্যসূচীৰ পদক্ষেপ হিচাপে ঋতুস্ৰাৱৰ সময়ত পৰিষ্...