April 26, 2024 11:40 AM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ৩ মে' মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু ২০ মে'ত ভোটগ্ৰহণ কৰা হ'ব ।

April 26, 2024 11:39 AM

আজি চতুৰ্থ পৰ্যায়ৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত...

April 26, 2024 11:37 AM

নিৰ্বাচনী প্ৰচাৰৰ বাবে কাইলৈ অসমলৈ আহিব মল্লিকার্জুন খাৰ্গে

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই কাইলৈ অসমলৈ আহিব। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

April 26, 2024 11:26 AM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল আৰু সময়সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে'ল পথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সাল-সলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে'লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বা...

April 26, 2024 11:23 AM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ...

April 26, 2024 11:51 AM

ই ভি এম সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত ৰায় প্ৰদান

উচ্চতম ন্যায়ালয়ে ভিভি পেট শিল্পৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি ৰায় অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ...

April 26, 2024 11:11 AM

লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ খন আসনক সামৰি লোৱা হৈছে। এই সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও স...

April 25, 2024 7:25 PM

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ হাজোত মাৰাথন প্ৰচাৰ অভিযান চলায়। তেওঁ হাজো অঞ্চলৰ বিভিন্ন ঠাইত ৫টাকৈ নিৰ্বাচনী কার্যালয় উদ্বোধন কৰাৰ লগতে কেইবাখনো জনসভ...

April 25, 2024 7:18 PM

বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত অগ্নিকাণ্ডত ৬জন লোক নিহত

বিহাৰৰ পাটনা ৰে'ল ষ্টেচনৰ সমীপৰ এখন হোটেলত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিগৰাকী মহিলাসহ ৬ জন লোকে প্ৰাণ হেৰুৱায়। পাটনাৰ আৰক্ষী অধীক্ষক চন্দ্র প্রকাশে কৈছে যে, অগ্নিকাণ্ডৰ ঘটনাত ১৫জন লোক আহত হৈছে। আহতসকলক পাটনাৰ চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। হোট...

April 25, 2024 6:56 PM

ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে কালি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰ্ণী...