September 13, 2024 12:52 PM

সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি আজিও উত্তেজনা অব্যাহত আছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙেআজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ জিলা উপায়ুক্তৰ সৈতে হোৱা কথা-বতৰাত ট্রাইবেল বেল্টৰ মাটিত অবৈধভাৱে ভূমি দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে ...

September 13, 2024 12:50 PM

ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী বিৰোধী ঐক্যমঞ্চৰ

ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়...

September 13, 2024 12:48 PM

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে ক...

September 13, 2024 12:47 PM

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিশেষ ৰে’লৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১২ খন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ উপৰি কেইখনমান ৰে'লৰ সম্প্ৰসাৰণৰ ব্যৱস্থা ...

September 13, 2024 12:45 PM

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনৰ প্রস্তুতি সম্পূর্ণ

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ সকলো জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। এই পৰীক্ষাৰ বাবে যোৰহাট জিলাত মুঠ ১৩৩টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহত নিৰাপত্তাৰ বাবে চাৰিবেৰ আ...

September 13, 2024 12:37 PM

লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত ৰা...

September 13, 2024 12:32 PM

প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ উৰ্ধৰ নাগৰিকক সুকীয়া কাৰ্ড প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত সামৰি ল'বলগীয়া সকলো যোগ্য জ্যেষ্ঠ নাগৰিকক নতুন আৰু সুকীয়া কাৰ্ড প্ৰদান কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে আধাৰ কাৰ্ড অনুসৰি ৭০ বছৰ বা তাতকৈ উৰ্ধৰ ব্যক্তিসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনি এসপ্তাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাবনা আছে।...

September 13, 2024 12:29 PM

ভাৰতবৰ্ষৰ দ্রুত বিকাশত বিমান পৰিবহন খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিমান পৰিবহন খণ্ডই ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে এই খণ্ডৰ জৰিয়তে জনসাধাৰণ, সংস্কৃতি আৰু সমৃদ্ধিৰ সৈতে সংযুক্ত হোৱাৰ বাবে কাম কৰি আছে বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। নতুন...

September 13, 2024 12:28 PM

সীতাৰাম য়েচুৰীৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰী, গৃহমন্ত্রীৰ গভীৰ শোক প্ৰকাশ

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয...

September 13, 2024 12:24 PM

বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে অনলাইন প’ৰ্টেল মুকলি

কেন্দ্রীয় মন্ত্রী ডাঃ জিতেন্দ্র সিঙে চতুর্থ পৰ্যায়ৰ বিশেষ স্বচ্ছতা অভিযানৰ অগ্ৰগতিৰ নিৰীক্ষণৰ বাবে আজি এটা অনলাইন প'ৰ্টেল মুকলি কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কার্যালয়সমূহত স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে এই বিশেষ অভিযান হাতত লোৱা হৈছে। চৰকাৰে স্বচ্ছতাৰ বাবে প্ৰতিবছৰে দুই অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভ...