April 29, 2024 8:20 PM

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱ...

April 29, 2024 8:19 PM

নপামৰ মাধৱদেৱ শিশু নিকেতনত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সর্বাত্মক আইনী সজাগতা অনুষ্ঠান

অধিকাৰ আৰু দায়বদ্ধতা সন্দৰ্ভত স্কুলীয়া শিক্ষাৰ্থীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে যোৱা শুকুৰবাৰে নপামস্থিত মাধৱদেৱ শিশু নিকেতন বিদ্যালয়ত এটা সর্বাত্মক আইনী সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। নাৰ্চাৰীৰ পৰা দশম শ্রেণীলৈ দুই শতাধিক শিক্ষার্থীয়ে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।...

April 29, 2024 8:16 PM

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ মে'ৰ দিনৰ ১১ বজাৰ পৰা নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। নগাঁও ন্যায়িক আদালত ভৱনত আয়োজিত এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ উপৰি বে...

April 29, 2024 6:40 PM

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে নির্বাচন আয়োগৰ অধিসূচনা জাৰি

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ ব...

April 29, 2024 6:38 PM

CDS General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি, ভাৰত-ফ্ৰান্সৰ কৌশলগত মিত্ৰতা সুনিশ্চিত

Chief of Defence Staff General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্রমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত মিত্ৰতা সুনিশ্চিত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা ত্বৰান্বিত হোৱাৰ ইংগিত দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুস...

April 29, 2024 6:37 PM

পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ডত অহা তিনিদিনলৈ গ্রীষ্ম প্রৱাহৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনি দিন পর্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্রপ্রদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে।...

April 29, 2024 6:35 PM

গুজৰাটৰ পোৰবন্দৰত পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ, ১৪জন লোকক গ্ৰেপ্তাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ১৪জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী গোট আৰু মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ৱে ...

April 29, 2024 6:34 PM

চত্তীশগড়ৰ বেমেতাৰাত পথ দুৰ্ঘটনা; ৮জন নিহত, ২১গৰাকী আহত

চত্তীশগড়ৰ বেমেতাৰা জিলাত সংঘটিত এটা পথ দুৰ্ঘটনাত ৮ গৰাকী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৩০ গৰাকী লোকে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত ঘৰলৈ উভতি অহা অৱস্থাত বাহনখনে কাঠিয়া গাঁৱৰ সমীপত আন এখন বাহনত খুন্দা মাৰে। পাঁচগৰাকী মহিলা আৰু তিনিটি শিশুকে ধৰি ৮ গৰাকী লোকৰ ঘট...

April 29, 2024 6:32 PM

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ফলাফলত জয় ভাৰতীয় পুৰুষ দলৰ, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন ২০২৪ত ভাৰতীয় পুৰুষ দলে গ্রুপ-চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নির্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। আনহাত...

April 29, 2024 6:30 PM

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলৰ এতিয়ালৈ ৫টা সোণসহ মুঠ ৮টা পদক লাভ

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্রমে ধীৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ...