May 1, 2024 1:36 PM

আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীৰ দায়িত্ব গ্রহণ

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্রবর্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্রহণ কৰে। ১৯৯১ বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্রীমতী চক্রবর্তীয়ে প্ৰেছ ইনফৰমেচন ব্যুৰ আৰু চেন্ট্রেল ব্যুৰ অৱ কমিউনিকেচনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ কেইবাটাও সংবাদ সংস্থাত কার্যনির্বাহ...

May 1, 2024 1:19 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজনৈতিক দলসমূহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ...

May 1, 2024 1:16 PM

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ আন চাৰিগৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। দলে অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া ৰাজ বাববৰক হাৰিয়ানাৰ গুৰগাঁও আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী আনন্দ শৰ্মাক হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। একেদৰে ছটপাল ৰায়জাদা হিমাচল প্ৰদেশৰ হামিৰপ...

May 1, 2024 1:12 PM

ভাৰতত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অব এক্সিলেন্সত এই প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন বি ডব্লিউ এফৰ সভাপতি প'ল এৰিক হোয়ৰে কৈছে যে ভাৰতত যুৱ বেডমিণ্টন প্রতিভাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় ...

May 1, 2024 1:08 PM

আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪ উইকেটত জয়ী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৪৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত ছটা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। লক্ষ্ণৌৰ...

May 1, 2024 1:06 PM

পাঁচখনীয়া টি-২০ মহিলা ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ডাক-ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯...

May 1, 2024 1:02 PM

গ্রীষ্ম প্ৰৱাহৰ কবলত সমগ্ৰ দেশ

সমগ্র দেশ গ্রীষ্ম প্ৰৱাহত দহিছে বুলি এটা বিবৃতিৰ জৰিয়তে দেশৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গ্রীষ্ম প্ৰৱাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত পৰৱৰ্তী ৪ দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগল...

May 1, 2024 1:24 PM

জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ মন্ত্ৰৰে সমগ্ৰ বিশ্বতে মে’ দিৱস পালন

বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজিৰ দিনটো মে' দিৱস পালন কৰা হৈছে। ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত শান্তিপূর্ণ শ্রমিক সমাবেশত ৰাষ্ট্রশক্তিয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত বহুসংখ্যক শ্রমিক হতাহত হোৱা ঘটনাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটো আন্তর্জাতিক শ্র...

May 1, 2024 12:10 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি ক্ৰমাৎ তীব্ৰ

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতিয়ে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে। এইটো পৰ্যায়ত অহা ৭ মে'ত ৰাজ্যৰ চাৰিটা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটগ্ৰহণ কৰা হ'ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বি...

May 1, 2024 12:04 PM

লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ প্রথম পর্যায়ত ৬৬.১৪ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কালি লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। আয়োগে প্রথম পর্যায়ত ৬৬.১৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭-১ শতাংশ ভোটদান হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে প্রথম পৰ্যায়ত ৬৬.২-২ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৭ শতাংশ মহিলা ভোটদাতা আৰু ৩১.৩২ শতাংশ ...