September 13, 2024 6:26 PM

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্রতিক্রিয়া প্ৰকাশ

সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'ব। লগতে মুখ্যমন...

September 13, 2024 6:16 PM

১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে ১৫ ছেপ্তেম্বৰত সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। অন্যান্য জিলাৰ লগতে যোৰহাট জিলাতো পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনত ১৩৩ টা পৰীক্ষা কেন্দ্ৰত ৫৫ হাজাৰ ৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন...

September 13, 2024 5:51 PM

বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ...

September 13, 2024 5:48 PM

দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তোলাৰ বাবে সকলো এলেকাত শান্তি আৰু বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান অতি জৰুৰীঃ অজিত দোভাল

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত কা...

September 13, 2024 5:46 PM

ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানম...

September 13, 2024 5:42 PM

১৫ ছেপ্তেম্বৰলৈকে পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া খোলা থাকিব

অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰলৈকে খোলা থাকিব। যোৱা পহিলা মে'ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেল awards.gov.in যোগে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ'ব। মনোনয়নৰ সৈতে মনোনীত ব্যক্...

September 13, 2024 5:38 PM

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আদালতে ১০ লাখ টকাৰ চৰ্তসাপেক্ষ বন্দৰ বিনিময়ত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। এই ঘটনা সন্দৰ্ভত শ্ৰী কেজৰিৱালে যাতে ক...

September 13, 2024 5:35 PM

অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী বিৰোধী ঐক্য মঞ্চৰ

ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চই অনলাইন ট্রেডিং কেলেংকাৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্ত দাবী কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত বিৰোধী ঐক্যমঞ্চৰ নেতা লুণিজ্যোতি গগৈ, অজিত ভূঞা আৰু ৰকিবুল হুছেইনে এই দাবী উত্থাপন কৰে। নেতাকেইগৰাকীয়ে এই কেলেংকাৰীৰ অভিযোগত জড়...

September 13, 2024 5:24 PM

সোণাপুৰৰ জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছেঃ জি পি সিঙ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উ...

September 13, 2024 5:20 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্...