May 2, 2024 1:01 PM

চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অ...

May 2, 2024 12:26 PM

তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহ...

May 2, 2024 12:13 PM

থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত

◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শী...

May 2, 2024 12:12 PM

IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব

♦ আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দাবাদে ৯খন খেলৰ ভিতৰত পাঁচখনত জ...

May 2, 2024 12:13 PM

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ

♦ ২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অস...

May 2, 2024 11:57 AM

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ

◊ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ- আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ ...

May 2, 2024 11:39 AM

ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা

◊ ৰাজ্যৰ পৰিৱেশবিদ ড° পূর্ণিমা দেৱী বৰ্মনলৈ ২০২৪ বৰ্ষৰ গ্ৰীণ অস্কাৰ গ’ল্ড বঁটা আগবঢ়োৱা হৈছে। ড° বৰ্মনে এই বঁটা দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৭ চনত প্ৰৱৰ্তন কৰা গ্ৰীণ অস্কাৰ বঁটা তেওঁ লাভ কৰিছিল। প্ৰকৃতিৰ পৰা বিলুপ্ত হ'বলৈ ধৰা হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘ দিনৰেপৰা বিশেষ প্ৰয়াস...

May 2, 2024 11:19 AM

ৰাজ্যত এপ্ৰিল মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে

◊ ৰাজ্যত এপ্ৰিলত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে এটা মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যত বিগত বৰ্ষৰ এপ্ৰিলত সংগ্ৰহ হোৱা ১,৫১৩ কোটি টকাৰ জি এছ টিৰ বিপৰীতে বিগত মাহত এই পৰিমাণ বৃদ্ধি হয়। সমগ্ৰ দেশৰ ভ...

May 2, 2024 11:08 AM

গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বৈঠক

◊ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া গুৱাহাটী আৰু বৰপেটা সমষ্টিৰ অধীনৰ কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্রস্তুতিক লৈ কালি এখন বৈঠক অনুষ্ঠিত কৰে। কামৰূপৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত তেওঁ নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশসমূহৰ বিষয়ে সংশ্লিষ্ট ব...

May 2, 2024 10:59 AM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ

♦ ৰাজ্যখনত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্রহণক লৈ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে প্ৰতিখন জিলাতে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। এই পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতা...