May 4, 2024 11:45 AM

মাজত মাথোঁ এটা দিনঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈ...

May 11, 2024 6:49 PM

আজি লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব

◊ লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ ...

May 3, 2024 5:43 PM

ব্রাজিলত শেহতীয়াকৈ হোৱা বানত ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত

ব্রাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান্ধ ভাগি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় ১৫ হাজাৰ লোকে ঘৰ এৰি আন ঠাইত আশ্রয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপা...

May 3, 2024 5:41 PM

আই পি এল ক্রিকেটত আজি মুম্বাই ইন্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ছানৰাইডাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছ...

May 3, 2024 5:38 PM

ভাৰতীয় কমিউনিষ্ট পার্টীৰ চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দেহাৱসান

ভাৰতীয় কমিউনিষ্ট পার্টী চি পি আইৰ সাধাৰণ সম্পাদক অতুল কুমাৰ অঞ্জনৰ দীর্ঘিদনীয়া অসুস্থতাৰ অন্তত আজি মৃত্যু ঘটে। লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰা সাম্যবাদী নেতাগৰাকীৰ বয়স হৈছিল ৬৯ বছৰ। গুৰুতৰ পৰ্যায়ৰ কৰ্কট ৰোগত আক্রান্ত হৈ বিগত এমাহ ধৰি তেওঁ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। আজি বিয়...

May 3, 2024 5:45 PM

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস

আজি বিশ্ব প্রেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ মূল্যায়ন কৰা, সংবাদ মাধ্যমৰ স্বাধীনতাক আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ...

May 3, 2024 5:33 PM

লোকসভা নির্বাচনত ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা

ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, দলটোৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নির্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰে। দলটোৱে লগতে আমেথি লোকসভা সমষ্টিৰ দলীয় প্রার্থী হিচাপে কিশোৰী লাল শৰ্মাৰ নাম ঘোষণা কৰিছে। আনহাতে বহুজন সমাজ পার্টীয়ে উত্তৰ প্ৰদেশৰ ভাড়োহী সংসদীয় সমষ্টিৰ ব...

May 3, 2024 5:51 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পর্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে...

May 3, 2024 12:52 PM

২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈৰ ছেমি ফাইনেলত স্থান নিশ্চিত

♦ কাজাখস্তানৰ আস্তানাত চলি থকা ২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মান্দেংবাম যদুমনি সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বী ফুচ কিনলেক ৫-০ ফলাফলত পৰাস্ত কৰে। একেদৰে ৫...

May 3, 2024 12:35 PM

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত ...