May 6, 2024 1:16 PM

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেই নামনি অসমত সাময়িকভাৱে ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে'লপথ নিৰ্মাণ সংক্ৰান্তী...

May 6, 2024 1:36 PM

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্...

May 6, 2024 12:30 PM

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১...

May 6, 2024 12:27 PM

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ

♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে শ্বোপিয়ানৰ আলুৰা ইমাম চাহাব এলেকাত তালাচী চলাইছিল। অভিযান...

May 6, 2024 12:24 PM

মণিপুৰত ধুমুহা-শিলাবৃষ্টিৰ বিধ্বংসী ৰূপঃ সা-সম্পত্তিৰ ক্ষতিসাধনৰ লগতে বহু লোক গৃহহীন

♦ মণিপুৰত কালি বিয়লি অহা ধুমুহা-শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰে বুলি জানিব পৰা গৈছে। বিষ্ণুপুৰ, নোনী, পূৱ ইম্ফল, পশ্চিম ইম্ফল, আৰু থৌবাল জিলাৰ বিভিন্ন অঞ্চল ধুমুহা-বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ মণ...

May 6, 2024 12:22 PM

ইম্ফলত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিৰ

♦ মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুসূয়া ৱিকিয়ে কালি ইম্ফলত আয়োজিত এটা অনুষ্ঠানত স্কুল অন হুইলছ শীৰ্ষক ভ্রাম্যমান বিদ্যালয় সেৱা মুকলি কৰে। মণিপুৰৰ বিদ্যা ভাৰতী শিক্ষা বিকাশ সমিতিয়ে ৰূপায়ণ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সাহায্য শিবিৰ সমূহত থকা শিশুসকলক শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সেৱাৰ বাহনখ...

May 6, 2024 12:07 PM

অযোধ্যাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অযোধ্যাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সুগ্ৰীৱ কিলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ ৰামলালাৰ দৰ্শন আৰু পূজা অৰ্চনা কৰে। Read More :  নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মো...

May 6, 2024 12:02 PM

চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত দেশৰ বেছিভাগ অঞ্চলৰ পৰাই নক্সালবাদ নিৰ্মূল কৰা হৈছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মত প্রকাশ কৰে। তেওঁ উল্লেখ কৰে যে...

May 6, 2024 11:57 AM

কাইলৈ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰা হ’ব

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৭খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তখন আৰু ...

May 6, 2024 11:54 AM

নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কালি নিশা ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। তাত তেওঁ দলৰ লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে কালি ওড়িশাৰ ৰাজভৱনত নৈশ যাপন কৰে। বিজেপিৰ নেতা-কৰ্মী তথা অন্যান্য লোকসকলে তেওঁক বিমান বন্দৰত...