September 13, 2024 9:16 PM

২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধ...

September 13, 2024 9:14 PM

ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদনৰ আহ্বান ক্ৰীড়া মন্ত্ৰী মণ্ডাভিয়াৰ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদন জনাবলৈ আৰু দেশৰ খেলতন্ত্ৰত সক্রিয় আবেদন আগবঢ়াবলৈ আহ্বান জনাইছে। ক্ৰীড়াৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত ...

September 13, 2024 9:11 PM

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক বিদেশ মন্ত্রী জয়শংকৰৰ অভিনন্দন

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক অভিনন্দন জনাইছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নেতৃত্ব উন্নয়নশীল দেশৰ অগ্ৰাধিকাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে ভ...

September 13, 2024 9:07 PM

উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্রীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই উচ্চ মাধ্যমিকৰ ৪,৬০০ৰো অধিক ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিয়ম বাধ্যতামূলক নহয় আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছা কৰিলে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰাৰ বিকল্প গ্ৰহণ কৰিব পাৰিব। মন্ত্রীসভাই লগতে ১৯ ছেপ্তেম্বৰত ...

September 13, 2024 9:04 PM

অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত ভি এল এছ আৰ এছ এ এম এই ক্ষেপনাস্ত্রবিধে সশস্ত্র বাহিনীসমূহক প্রযুক্তিগত সামর্থ্য বৃদ্ধি কৰিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা হ্ৰস্ব দূৰত্ব ভেদি ভি এল এছ আৰ এছ এ এম সফল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, ভাৰতীয় নৌ সেনা আৰু সংশ্লিষ্ট সকলো পক্ষকে ভূয়সী প্রশংসা কৰিছে। শ্রীসিঙে কৈছে যে অত্যাধুনিক প্রযুক্তিৰে সুসজ্জিত এই ক্ষেপনাস্ত্রবিধে স...

September 13, 2024 9:01 PM

কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব। ৰাজভাষা বিভাগে হিন্দী ভাষা ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে কাইল...

September 13, 2024 8:56 PM

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক ড° জামালুদ্দিন আহমেদৰ মৃত্যু

মঙলদৈ মহাবিদ্যালয়ৰ আৰৱী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্রাক্তন সাংবাদিক মঙলদৈৰ ২ নম্বৰ ৱাৰ্ড নিৱাসী ড° জামালুদ্দিন আহমেদৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। ড° আহমেদৰ মৃত্যুত সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কোলৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান-প...

September 13, 2024 8:55 PM

মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন

মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত আজি এটা অত্যাধুনিক পুথিভঁড়ালৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাওঁৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুথিভঁড়ালটোৰ নিৰ্মাণৰ বাবে ডেৰ কোটি টকা আৱণ্টন দিছে। এই উপলক্ষে আয়োজিত অন...

September 13, 2024 8:50 PM

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰ...

September 13, 2024 8:43 PM

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন

নৱপ্ৰজন্মৰ মাজত কিতাপ অধ্যয়নৰ অভ্যাস শক্তিশালী কৰাৰ উদ্দেশ্যে বিটিআৰ প্ৰশাসনৰ পুথিভঁড়াল সেৱা বিভাগৰ উদ্যোগত বড়োলেণ্ড পঠন সপ্তাহৰ আয়োজন কৰা হৈছে। বিটিআৰৰ ৰাজহুৱা পুথিভঁড়াল আৰু শিক্ষানুষ্ঠানসমূহত যোৱা ১০ চেপ্তেম্বৰৰ পৰা অহা ১৭ চেপ্তেম্বৰলৈ এই পঠন সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি...