May 9, 2024 8:58 PM

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল...

May 9, 2024 8:51 PM

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ...

May 9, 2024 8:35 PM

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়ো...

May 9, 2024 8:31 PM

ভেজাল খাদ্য চিনাক্তকৰণ আৰু বিক্ৰী ৰোধৰ উদ্দেশ্যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ পদক্ষেপ

ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দেশনা পুথি মুকলি কৰাৰ লগতে খাদ্য পৰীক্ষা কৰা বাহন আৰু সজুলিৰ জৰিয়তে ভেজাল খাদ্য প্ৰতিৰোধ কৰাৰ ব্যৱস্থা লৈছে। ভেজাল চিন...

May 9, 2024 8:15 PM

ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্...

May 9, 2024 8:05 PM

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্...

May 9, 2024 8:54 PM

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি ...

May 9, 2024 6:55 PM

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত এটি শিশু মৃত্যুৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে তেওঁ ছোৱাইন...

May 9, 2024 6:46 PM

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক...

May 9, 2024 6:42 PM

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ...