May 11, 2024 7:50 PM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বিয়লি ৫ বজাত সামৰণি

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি ৫ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰা...

May 11, 2024 6:24 PM

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহ...

May 11, 2024 6:20 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱতি নিশা বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হয়। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখনৰ পূব প্ৰান্তৰ আগৰাতলী পৰিসৰৰ এৰাসুঁতি ৰঙামতীয়া বন শিবিৰৰ এজাৰ কাঠনি এলেকাত চোৰাং চিকাৰীটো বন কৰ্মীৰ গুলীত নিহত হয়। ইফালে, আন দুটা চোৰাং চিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। বন ...

May 11, 2024 5:56 PM

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে...

May 11, 2024 5:52 PM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বা...

May 11, 2024 5:48 PM

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। লোক আদালতত ফৌজদা...

May 11, 2024 5:48 PM

আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মে'ত অনুষ্ঠিত হ'ব। ১৫ মে'ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে'ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকু...

May 11, 2024 5:43 PM

মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত ৬ মে’ৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি

গুৱাহাটীৰ পাটগাঁৱৰ এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ উদ্যোগত আৰু মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মৰিগাঁও জিলাৰ সকলো ৰাজহচক্ৰত যোৱা ৬ মেৰ পৰা আৰম্ভ হোৱা বান প্ৰতিহতকৰণ অনুশীলনৰ আজি সামৰণি পৰিছে। এই অনুশীলন কাৰ্যসূচীত বানৰ লগতে অগ্নিকাণ্ডকে ধৰি বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজ...

May 11, 2024 4:51 PM

দোহা ডায়মণ্ড লীগ ২০২৪, প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত নীৰজ চোপ্ৰাৰ

ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ ২০২৪ প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকোব জাদলেজতকৈ মাত্র দুই চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ীৰ খিতাপ দখলত ...

May 11, 2024 4:47 PM

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। ...