May 14, 2024 11:29 AM

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে, সুশীল কুমাৰ মোদীয়ে বিহাৰত...

May 14, 2024 11:26 AM

এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল : নির্মলা সীতাৰমন

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল আৰু ক'ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে...

May 14, 2024 11:19 AM

ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব : বিদেশ মন্ত্রী

বিদেশ মন্ত্রী ড°এছ জয়শংকৰে কালি দৃঢ়তাৰে কয় যে ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব আৰু ভাৰতক মধ্য এছিয়াৰ সৈতে সংযোগ কৰিব। মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখন হ'ল কৌশলগতভাৱে অতি বিশেষ আৰু ই কৰাচীৰ লগতে পাকিস্তানৰ গাদাৰ বন্...

May 14, 2024 11:15 AM

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি ভোটদাতাক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিজৰ সংসদীয় সমষ্টি উ...

May 14, 2024 11:11 AM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত প্রায় ৬৭.৭১ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত কালি প্রায় ৬৭.৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি লোৱা হয়। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ...

May 13, 2024 8:33 PM

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত সজাগতা সভা

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত আজি মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু দৰং কৰ্কট কেন্দ্ৰৰ সহযোগত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিকাৰ চোভানীয়ে ধঁপাতৰ অপকাৰিতা সম্পৰ্কে অৱগত কৰাৰ লগতে ইয়াৰ পৰা কৰ্কট ৰোগৰ আশংকা...

May 13, 2024 8:32 PM

কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন

 কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে বিভিন্ন খেল- ধেমালি অনুষ্ঠিত হয়। বিয়লিৰ ভাগত নৃত্য-প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাইলৈ সাংস্কৃতিক সন্ধিয়াত জনপ্রিয়...

May 13, 2024 8:30 PM

ৰঞ্জু হাজৰিকাক ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত

সাহিত্যিক ৰঞ্জু হাজৰিকাক তেজপুৰৰ নন্দন কানন সংগীত বিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছে। বিহগুৰিৰ টুমুকীৰ নন্দন কানন ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনত সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, ফুলাম গামোচা, জাঁপি, চেল...

May 13, 2024 8:29 PM

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দ...

May 13, 2024 8:27 PM

গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ

কেন্দ্ৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদ বিভাগৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক পৰ্যায়ৰ ন’ডেল অভিকৰণ, প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, ভূমি সংৰক্ষণ বিভাগ, ৰাজ্য চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে, ভৱিষ্...