May 15, 2024 6:01 PM

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ২৫ মে'ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আজি...

May 15, 2024 5:57 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ ১৫ মে'ত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত ৬৭ বছৰ ধৰি জনসাধাৰণক তথ্য, শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে। বহুজন হিতায়, বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষে...

May 15, 2024 11:41 AM

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যাহ সুচল হোৱাৰ ...

May 15, 2024 11:40 AM

ৰাজ্যত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত ডিজিটেল লেনদেনত ১০ লাখ কোটি টকা অতিক্ৰম

সমগ্ৰ দেশৰ লগতে অসমতো ডিজিটেল লেনদেনে দৈনিক নতুন অভিলেখ ৰচনা কৰিছে। বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহতে এই লেনদেনে ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। কোভিড সংক্ৰমণৰ পাছৰে পৰা ডিজিটেল লেনদেন বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ নেট বেংকিং, এন ই এফ টি, মোবাইল বেংকিং আদিৰ তুলনাত ইউ পি আইৰ ব্যৱহ...

May 15, 2024 11:36 AM

মাজুলীত জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত ৫১গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক বিদায় সম্ভাষণ

মাজুলী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত কালি ৫১গৰাকী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক বিদায় সম্ভাষণ জনোৱা হয়। কমলাবাৰীস্থিত ১ নম্বৰ কমলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত সভাখনত মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱা, মাজু...

May 15, 2024 11:34 AM

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। গুৱাহাটীত সন্ধিয়া ৬.৩০ বজাত তাপমান ৩২ ডিগ্রী চেলছিয়াছ, শিলচৰত ৩৫ ডিগ্রী, গোৱালপাৰাত ৩৩ দশমিক ৩ ডিগ্রী, গোলাঘাটত ৩৪ দশমিক ২ আৰু যোৰহাটত ৩৩ দশমিক ৪ ডিগ্রী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা ...

May 15, 2024 11:30 AM

ইছৰোৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ এছ পানিকাৰ সোমনাথৰ সৈতে মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ সচিব এছ পানিকাৰ সোমনাথৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে ইছৰোই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা নেটৱৰ্ক অৱ স্পেচ অ...

May 15, 2024 11:29 AM

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্রয়োজনীয় কার্যপন্থা গ্রহণ কৰা হৈছে। আয়োগে উল্লেখ কৰা মতে ১৭০টা অ...

May 15, 2024 11:28 AM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত গুৱাহাটীত হ'বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। বর্তমানলৈকে ১৬ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাব কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ প...

May 15, 2024 11:25 AM

টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ বিশ্ব ৰেংকিঙত ২৪সংখ্যক স্থান লাভ

দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা মহিলাৰ ছিংগলছৰ বিশ্ব ৰেংকিঙত শীৰ্ষৰ ২৫গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ৰূপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অনুষ্ঠিত চৌদি স্মেছ প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে খেলুৱৈ জীৱনৰ সর্বশ্রেষ্ঠ ২৪সংখ্যক ৰে...