May 21, 2024 11:49 AM

ইৰানৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতত আজি ৰাষ্ট্ৰীয় শোক পালন

ইৰানৰ ৰাষ্ট্ৰপতি ড° চয়িদ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুৰ পৰিপপ্ৰেক্ষিতত ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। সেই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনোধৰণৰ আনুষ্ঠান...

May 21, 2024 11:48 AM

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস; ৰাজ্যৰ ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস উপলক্ষে অসমৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ২০০ বছৰীয়া অসমৰ চাহ শিল্পই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু লোকক সংস্থাপিত কৰি আহিছে। অসমৰ বহু সংখ্যক খেতিয়ক চাহ উদ্যোগৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে।

May 21, 2024 11:46 AM

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ২৬, ২৭ আৰু ২৮ জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি ২৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম প্ৰশ্নকাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনাই বিয়লি ডেৰ বজাৰপৰা চাৰে ৪ ব...

May 21, 2024 11:44 AM

দেশৰ বেংকিং খণ্ডৰ লাভ প্ৰথমবাৰৰ বাবে তিনি লাখ কোটি টকা অতিক্রম

প্ৰথমবাৰৰ বাবে দেশৰ বেংকিং খণ্ডৰ লাভে তিনি লাখ কোটি টকা অতিক্রম কৰিছে। শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰী আৰু বে-চৰকাৰী বেংকসমূহৰ সামগ্রিক লাভ ৩ দশমিক এক লাখ কোটি টকা হৈছে। দেশৰ চৰকাৰী ১২টা বেংকে ২০১৮ বিত্তীয় বৰ্ষত ৮৫ হাজাৰ ৩৯০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ...

May 21, 2024 11:42 AM

বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যম পি টি আইক দিয়া এটা সাক্ষাৎকাৰত কৈছে যে, বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’লে দেশত উমৈহতীয়া দেৱানী বিধি প্রযোজ্য কৰা হ'ব। প্ৰধানমন্ত্রীয়ে লগতে কয় যে, দেশত এক দেশ, এক নির্বাচন নীতিও প্ৰৱৰ্তন কৰা হ'ব। নতুন চৰকাৰত যুৱ সমাজৰ আশা-আকাংক্ষাক গুৰুত্ব দিয়া হ'ব ...

May 21, 2024 11:41 AM

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত চলিত বৰ্ষৰ পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ T20 শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। একেটা শিতানত তুৰস্...

May 21, 2024 11:38 AM

দক্ষিণ কোৰিয়াৰ য়েচিয়নত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেল

চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা দক্ষিণ কোৰিয়াৰ য়েচিয়নত আৰম্ভ হ'ব। যোৱা মাহত চীনৰ চাংহাইত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা একেটা ১৬ জনীয়া দলকে ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাবেও প্ৰেৰণ কৰিছে। প্ৰথম পৰ্যায়ত ভাৰতীয় দলটোৱে মুঠ ৮টা পদকেৰে পদক তালিকাত শীর...

May 21, 2024 11:37 AM

উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অহা চাৰিদিনলৈ ৰেড এলার্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ আগলি বতৰাৰে ৰেড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা ২৪ মে'পর্যন্ত পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্রদেশ, পূব ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ...

May 21, 2024 11:35 AM

চত্তিশগড়ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি

চত্তিশগড়ত কালি সংঘটিত দুর্ভাগ্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কুকদুৰ আৰক্ষী চকীৰ অন্তৰ্গত কবিৰধাম জিলাৰ বাহপানী গাঁওৰ সমীপৰ খাৱৈত এখন বাহনে নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। বাহনখনত মুঠ ২৫ জন লোক আছিল আৰু তেওঁলোকে হাবিৰ পৰা তেন্দু গছৰ পা...

May 21, 2024 11:34 AM

উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে ৩১ মে’পর্যন্ত অফলাইন পঞ্জীয়ন বাতিল

উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে জনসাধাৰণৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ মে পর্যন্ত যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ডেৰাডুনত অনুষ্ঠিত চাৰিধাম যাত্রা সম্পৰ্কীয় এখন বৈঠকত বিভাগীয় বিষয়াসকলক এই নির্দেশ দিয়ে। উল্লেখযোগ্য যে শেহতীয়া ১০টা দ...