May 28, 2024 1:17 PM

জুনত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

বতৰ বিজ্ঞান বিভাগে অহা ৩০ মে' পর্যন্ত পাঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডিগড়ত উৎকট গৰম তথা গ্ৰীষ্ম প্ৰবাহৰ সতর্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাৱ তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি হৈ ৪৫ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ পৰ্যন্ত হ...

May 28, 2024 1:15 PM

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে বুলি অপূর্ব চন্দ্ৰাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই কৈছে যে, ভাৰতৰ প্ৰধান প্ৰমূল্য আৰু বসুধৈৱ কুটুম্বকম অৱধাৰণা, বিশ্ব স্বাস্থ্য সভা- WHAৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে সকলো, সকলোৰে বাবে স্বাস্থ্যৰ অনুৰূপ। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ কমিটি-Aক সম্বোধন কৰি শ্ৰীচন্দ্ৰাই কয় যে, ভাৰতে ক’ভিড-১৯...

May 28, 2024 1:05 PM

অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ অৰবিন্দ কেজৰিৱালৰ

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকেজৰিৱালে কয় যে, চিকিৎসকে কিছু জটিল ৰোগৰ আশংকাত তেওঁক কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰো...

May 28, 2024 1:00 PM

দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী আজি কলকাতালৈ ৰাওনা

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কলকাতালৈ যাব। তাত তেওঁ বাৰাছাট, যাদৱপুৰ আৰু উত্তৰ কলকাতা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। প্রধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি বাৰাছাট সংসদীয় সমষ্টিত এখন জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছত তেওঁ যাদৱপুৰত আন এখন সভাত অংশগ্রহ...

May 28, 2024 12:59 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নির্বাচনী সভা তথা ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপ...

May 27, 2024 8:03 PM

ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত

অহা ২ জুনত আৰম্ভ হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অধিনায়ক ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় খেলুৱৈৰ প্ৰথমটো দল ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হৈছে। দলটোত ৰোহিত শৰ্মাৰ উপৰি যশপ্রীত বুমৰাহ, সূৰ্য কুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, মহম্মদ ছিৰাজ, অর্শদীপ...

May 27, 2024 7:59 PM

বিহাৰৰ ৮টা সংসদীয় সমষ্টিত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ অভিযান তীব্ৰতৰ

বিহাৰত এন ডি এ নেতা মহামিত্ৰজোট আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে নির্বাচন হ'বলগীয়া ৰাজ্যখনৰ ৮ টা সংসদীয় সমষ্টিত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই সমষ্টিকেইটাত অহা পহিলা জুনত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আজ...

May 27, 2024 7:54 PM

উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ জনসভা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে অহা ৪ জুনত এন ডি এ-ই ৪০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ স্থান অক্ষুণ্ণ ৰাখিব আৰু ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে আই এন ডি আই মিত্ৰজোটৰ পৰাজয়ৰ বাবে ই ভি এমসমূহক দোষাৰোপ কৰি সংবাদ মেল অনু...

May 27, 2024 7:56 PM

আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱাঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱা আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, প্রত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে ৩৮ লাখ কোটিৰো অধি...

May 27, 2024 7:39 PM

নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান চৌহদত সংবেদনশীলতা কাৰ্যসূচী

আয়ুষ মন্ত্ৰালয়ে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান - এ আই আই এৰ সহযোগত নতুন দিল্লীৰ এ আই আই এ চৌহদত এটা সংবেদনশীলতা কাৰ্যসূচীৰ আয়োজন কৰিছে। বীমা খণ্ড আৰু আয়ুষ স্বাস্থ্য যতন প্রদানকাৰীসকলৰ মাজত তথ্যৰ আদান প্ৰদানৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত আয়ুষ চিকিৎ‍সালয়ৰ স্বত্তাধিকাৰীস...