September 15, 2024 7:26 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়ে। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ ৩২ কোটি টকা ডিজিটেল ব্যৱস্থাৰে হস্তান্তৰিক কৰা হয়। ইয়াৰ উপৰি ৩২ হাজাৰ বাসগৃহৰ আৱণ্টনপত্ৰ বিতৰণ কৰা হয়। হিতাধিকাৰীসকলৰ বাবে ...

September 15, 2024 6:58 PM

বুডাপেষ্টৰ ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত ভাৰতীয় দলৰ বিজয়ধাৰা অক্ষুণ্ণ

বুডাপেষ্টত অনুষ্ঠিত ২০২৪ বৰ্ষৰ দবা অলিম্পিয়াডত কালি চতুৰ্থ ৰাউণ্ডৰ মুকলি আৰু মহিলা দুয়োটা শাখাতে ভাৰতীয় দলটোৱে ৩.৫ আৰু ০.৫ ফলাফলত বিজয় সাব্যস্ত কৰে। মুকলি শাখাত ভাৰতীয় দলটোৱে ছাৰবিয়াক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতীয় মহিলা দলে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰে। খেলখনৰ আজি পঞ্চম ৰাউণ্ডত মহিলা দলটো কাজাখস...

September 15, 2024 6:53 PM

views 1

উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষুণ হব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে কৈছে যে, পশ্চিমবংগৰ গংগা নৈৰ আশ পাশ এলেকাসমূহত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ক্রমান্বয়ে পশ্চিম দিশলৈ গতি কৰাত আৰু বিয়লিৰ ভাগলৈ ইয়াৰ প্ৰাৱল্য গভীৰ হৈ থকাৰ সম্ভাৱনা আছ...

September 15, 2024 6:51 PM

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন নতুন দিল্লীত সফলতাৰে সম্পন্ন

চতুর্থ গোলকীয় জৈৱ ভাৰত ২০২৪ সন্মিলন কালি নতুন দিল্লীত সফলতাৰে সম্পন্ন হয়। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু আছিল জৈৱ প্ৰযুক্তিগত উদ্ভাৱন আৰু জৈৱ সামগ্ৰী নিৰ্মাণৰ সম্ভাৱনা আৰু জৈৱ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ। দেশৰ জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰৰ কেইবাটাও ষ্টাৰ্ট আপ প্রতিষ্ঠানে এই সন্মিলনত ১১ বিধ সা-সামগ্ৰী...

September 15, 2024 6:43 PM

পবিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰত অসমৰ বিভিন্ন সত্ৰ আৰু ৰাজহুৱা নামঘৰত দৰ্শনাৰ্থীৰ ভীৰ

পবিত্ৰ ভাদ মাহৰ আজি শেষৰটো দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ সত্ৰ আৰু ৰাজহুৱা নামঘৰসমূহত দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয়। ভকত বৈষ্ণৱ আৰু গোপীনীসকলৰ হৰিনামৰ ধ্বনিৰে সত্ৰ-নামঘৰসমূহ মুখৰিত হৈ পৰে। মাহৰ শেষৰৰটো দেওবাৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো লক্ষাধিক দর্শনার্থীয়ে প্ৰসংগ আৰু নামত অংশগ্ৰহণ কৰে...

September 15, 2024 6:29 PM

উত্তৰ প্ৰদেশৰ মীৰাটত ভৱন খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি

উত্তৰ প্ৰদেশৰ মীৰাটত এটা তিনিমহলীয়া ভৱন খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি পাইছে। কালি সন্ধিয়া মীৰাটত জাকিয়া কলনিত এই ঘটনা সংঘটিত হৈছিল। আজি পুৱা উদ্ধাৰ অভিযানৰ সামৰণি পৰে আৰু ভৱনটোৰ ধ্বংসস্তুপ পৰিস্কাৰ কৰা হয়। ইপিনে, ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক স্থানান্তৰিত কৰা হয়।...

September 15, 2024 6:18 PM

অভিযন্তা ছাৰ এম বিশ্বেশ্বৰৈয়াৰ জয়ন্তী উপলক্ষে দেশজুৰি অভিযন্তা দিৱস পালন

আজি অভিযন্তা দিৱস। মহান অভিযন্তা ছাৰ এম বিশ্বেশ্বৰৈয়াৰ জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা এই দিৱস উপলক্ষে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রযুক্তি খণ্ডৰ বিশেষজ্ঞসকলক শুভেচ্ছা জনায়। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে প্রগতি, উদ্ভাৱন আৰু জটিল প্...

September 15, 2024 8:33 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা দুদিনৰ পাছত পদত্যাগৰ ঘোষণা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা দুদিনৰ পাছত পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছে। আজি দলৰ কাৰ্যালয়ত অনুষ্ঠিত এটা কাৰ্যসূচীত আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে এই সিদ্ধান্ত অৱগত কৰে। শ্ৰীকেজৰিৱালে অহা কেইদিনমানৰ ভিতৰতে আম আদমী পাৰ্টীৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰি নতুন মুখ্যমন্ত...

September 15, 2024 6:04 PM

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে অসমে দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰি এই লক্ষ্যৰ প্ৰথম স্তৰ সফলতাৰে অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই স্তৰত চাহ বাগ...

September 15, 2024 5:59 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাঁচী বিমান বন্দৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচী বিমান বন্দৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। পূৰ্বতে জামছেদপুৰৰ পৰা এই বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে প্রধানমন্ত্ৰী জামছেদপুৰত উপস্থিত হ'ব নোৱাৰাত ৰাঁচীৰ পৰাই...