May 30, 2024 6:05 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্রহণ হ'ব। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ...

May 30, 2024 5:38 PM

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু ...

May 30, 2024 6:32 PM

ভাৰতৰ শচীন চিৱাছ বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

থাইলেণ্ডৰ বেংককত চলি থকা বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰ প্ৰতিযোগিতাৰ পুৰুষৰ ৫৭ কিলোগ্রাম শাখাত ভাৰতৰ শচীন চিৱাছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ তুৰস্কৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। আৰু দুখন খেলত জয়লাভ কৰিব পাৰিলেই চিৱাছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ক...

May 30, 2024 6:56 PM

গাজা-ইজিপ্ত সীমান্তত ভালেমান ৰকেট লঞ্চাৰ আৰু ২০ টা সুৰংগৰ বিষয়ে অৱগত ইজৰাইল সুৰক্ষা বাহিনী

ইজৰাইল সুৰক্ষা বাহিনীয়ে গাজাত গাজা-ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলা ডেলফি এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰীয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা-ইজিপ্ত সীমান্তৰ ১৪ কিলোমিটাৰ এলেকা জুৰি আছে। অস্...

May 30, 2024 2:52 PM

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ জিলা দণ্ডাধীশে দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে, জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু ১৯৬৫ অনুসৰি এনে নি...

May 30, 2024 2:47 PM

আজি হিন্দী সাংবাদিকতা দিৱস

আজি হিন্দী সাংবাদিকতা দিৱস। ১৮২৬ চনৰ ৩০ মে'ত পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ কৰি উলিওৱা প্ৰথম হিন্দী বাতৰি কাকত ‘উদান্ত মাতণ্ড’-ৰ জৰিয়তে হিন্দী সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কাম কৰা হিন্দী সাংবিদকতাৰ যাত্ৰা আৰম্ভ হৈছিল। সততা আৰু সাহসেৰে জনকল্যাণৰ উদ্দেশ্যে কা...

May 30, 2024 2:40 PM

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যে...

May 30, 2024 2:38 PM

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত...

May 30, 2024 2:33 PM

ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বুজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি শেহতীয়া ঘূৰ্ণীবতাহ ৰীমালত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। নতুন দিল্লীৰ অসম ভৱনৰ পৰা ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, এ পি ডি চি এল কর্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ-দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ তথা ক্ষতিগ্ৰস্ত জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং যোগে এখন...

May 30, 2024 2:31 PM

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশ...