May 31, 2024 5:58 PM

ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলত অসমৰ উমা চেত্ৰীৰ স্থান লাভ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ১৬ জুনৰ পৰা হ’বলগীয়া ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলত অসমৰ উমা চেত্ৰীয়ে স্থান লাভ কৰে। গোলাঘাট জিলাৰ বোকাখাটৰ জিয়ৰী উমা চেত্ৰীয়ে পুনৰ জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীৰ বাসগৃহত আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয়। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ...

May 31, 2024 12:36 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ্জৰিত আবেদন দাখিল কৰা হৈছে। ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৩৪ খন জিলাৰ আয়ুক্তলৈ জাননী জাৰি কৰিছে। ডেৰ মাহৰ ভিতৰত এই সন্দৰ্ভত সংশ্লিষ্ট কেউটা পক্ষই শপতনামা দাখ...

May 31, 2024 12:33 PM

৪ জুনত লোকসভা নির্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নির্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে ...

May 31, 2024 12:27 PM

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত সেৱনৰ বাবে ৰাজ্যত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তথ্য অনুসৰি যোৱা ৫ বছৰত ৰাজ্যত এক লাখ ৯৪ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে এক লাখ ১৪ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্...

May 31, 2024 12:25 PM

কামৰূপ জিলাৰ মিৰ্জাত প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু

কামৰূপ জিলাৰ মিৰ্জাত প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু হৈছে। আনহাতে গুৰুতৰভাৱে অসুস্থ হোৱা শিশু-মহিলাসহ ৩৩জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুল...

May 31, 2024 12:21 PM

লোকসভা নির্বাচনৰ সপ্তম পৰ্যায়ত কাইলৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম পৰ্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভি...

May 31, 2024 12:19 PM

ৰাজ্যৰ ৯ খন জিলাৰ জনজীৱন প্ৰাক বাৰিষাৰ বানত বিপর্যস্ত

ৰাজ্যৰ ৯ খন জিলাৰ জনজীৱন প্ৰাক বাৰিষাৰ বানত বিপর্যস্ত হৈ পৰিছে। চৰকাৰী তথ্য মতে এই বানত ২২ টা ৰাজহ চক্ৰৰ ৩৮৬ খন গাঁৱৰ ১ লাখ ৯৮ হাজাৰ ৮৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত বৰাক উপত্যকাৰ জিলা কেইখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে, ভালেসংখ্যক নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ন ন অঞ্চল প্লাবিত হৈছে। ...

May 31, 2024 12:16 PM

ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত

ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ'লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ'ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ...

May 31, 2024 12:09 PM

অংকুশিতা বড়ো বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ অংকুশিতা বড়োৱে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বিশ্ব অলিম্পিক বক্সিং কোৱালিফায়াৰৰ মহিলাৰ ৬০ কিল'গ্রাম ওজন শাখাত কাজাখস্তানৰ খেলুৱৈৰ বিৰুদ্ধে ৪-১ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ৭১ ভাৰতৰ নিশান্ত দেৱেও থাইলেণ্ডৰ পীৰাপাট ইয়েচুংনোয়েনৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱ...

May 31, 2024 12:03 PM

views 1

হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ সামৰণি

নির্বাচন হ'বলৈ বাকী থকা দেশৰ অন্যান্য লোকসভা সমষ্টিসমূহৰ লগতে হিমাচল প্ৰদেশৰ চাৰিওখন লোকসভা আসন আৰু বিধানসভাৰ ছখন আসনৰ উপ-নির্বাচনৰ বাবে কালি নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি মাণ্ডী সংসদীয় সমষ্টিৰ কাৰ্ছগ অঞ্চলত এখন নির্বাচনী প্ৰচাৰ সভাক স...