September 15, 2024 8:27 PM

বেডমিণ্টন তাৰকা অনমোল খাবেইৰ  বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ

দেশৰ উদীয়মান বেডমিণ্টন তাৰকা অনমোল খাবেইয়ে আজি লিউভেনত অনুষ্ঠিত বেলজিয়াম ইণ্টাৰনেচনেল ২০২৪ প্রতিযোগিতাৰ মহিলাৰ একক শাখাত জয়লাভ কৰি প্ৰথমটো ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বীক ২৪–২২, ১২-২১ আৰু ২১-১০ পইণ্টত পৰাস্ত কৰে।

September 15, 2024 8:22 PM

২৯ ছেপ্তেম্বৰৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ বাবে প্রধানমন্ত্ৰীৰ জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰ...

September 15, 2024 8:18 PM

ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। ডিজিটেল টাৱাৰৰ দৰে আন্তঃগাঁথনি এনে সুযোগৰে উদাহৰণ বুলি তেওঁ উল্লেখ কৰে। নাগপুৰৰ ৰামদেও বাবা বিশ্ববিদ্যালয়ৰ ডিজিটেল টাৱাৰ উদ্বোধন কৰাৰ পাছত এই উপলক্ষে ভাষণ দি উপ-ৰাষ্ট...

September 15, 2024 8:14 PM

গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ ৪৩৪টা ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰৰ সংবিধান মন্দিৰসমূহ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্রী ধনখড়ে কয় যে, সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা আৰু সংসদ হৈছে ইয়াৰ সংৰক্ষক। তেওঁ আৰু কয...

September 15, 2024 8:11 PM

মিলাদ-উন-নবীৰ উপলক্ষে মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবীৰ প্ৰাকসন্ধ্যা দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হয়। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পয়গম্বৰ মহম্মদৰ জীৱন দৰ্শনে প্ৰেম আৰু ভাতৃত্বৰ বোধ শ...

September 15, 2024 8:08 PM

ছান্থাল পৰগানা আৰু ক’লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তনৰ লগতে এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশে ভাবুকি হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে, ছান্থাল পৰগানা আৰু ক'লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তন হৈ আছে আৰু এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ ভাবুকি স্বৰূপ হৈ পৰিছে। তেওঁ কয় যে, এই অঞ্চলসমূহত অনুপ্ৰৱেশ বৃদ্ধি হোৱাৰ বিপৰীতে জনজাতিৰ জনসংখ্যা হ্ৰাস পাই আহিছে। জামছেদপুৰৰ গোপাল ...

September 15, 2024 7:48 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা  প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ মণ্ডলক ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা তালা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক আজি ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োজন অভিযুক্তকে আজি শিয়ালদহ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে দুয়োজন অভিযুক্তকে কালি নিশা আৰ জি কৰ চিকিৎসা...

September 15, 2024 7:44 PM

কোকৰাঝাৰৰ মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰিত ৰাভা জনগোষ্ঠীৰ এটা অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটিত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীও অংশগ্ৰহণ কৰে ।

September 15, 2024 7:40 PM

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ কামাখ্যা মন্দিৰ দৰ্শন

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে। মন্দিৰৰ দলৈ আৰু পৰিচালনা সমিতিৰ সম্পাদকে উপৰাজ্যপালগৰাকীক গামোচা আৰু স্মাৰক চিহ্নৰে আদৰণি জনায়। শ্রীসিনহাই কামাখ্যা মন্দিৰত আধ্যাত্মিক অনুভুতি আৰু পাৰম্পৰিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে।

September 15, 2024 7:34 PM

ভাৰতৰ ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্যঃ প্ৰহ্লাদ যোশী

ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য ৫০০ গিগাৱাটলৈ বৃদ্ধিৰ লক্ষ্য লৈছে আৰু ইয়াৰ বাবে ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনাইছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে বিশ্ব সৰ্ববৃহৎ ...