June 1, 2024 8:45 PM

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

June 1, 2024 8:41 PM

পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পশ্চিমবংগসহ দেশৰ উত্তৰ-পূব অংশত ৰীমাল ঘূর্ণি বতাহৰ ফলত হোৱা প্ৰাণনাশ আৰু ক্ষয়-ক্ষতিকলৈ গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুমুৱে আজি সামাজি মাধ্যমযোগে কয় যে, ৰীমাল ধুমুহাৰ ফলত ধন-জন হানি হোৱা আৰু ভালেসংখ্যক লোকক আন ঠাইলৈ স্থানান্তৰ কৰিবল...

June 1, 2024 8:37 PM

লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত প্...

June 1, 2024 8:32 PM

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীত বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ বৈঠক

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্রজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে ২৯৫ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই কয় যে, তেওঁলোকে নির্বা...

June 1, 2024 8:30 PM

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে...

June 1, 2024 8:15 PM

views 1

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

ৰাজ্যিক পৰিবহন কর্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল চন্দ্র শ‍ইকীয়াৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী আজি সন্থাৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পালন কৰা হয়। শ্রমিক নেতা তথা প্রাক্তন বিধায়ক প্রয়াত শ‍ইকীয়াৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে শ্রদ্ধাঞ্জলি অনুষ্ঠানবো আয়ো...

June 1, 2024 8:12 PM

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচা...

June 1, 2024 8:08 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ প্রতিনিধি দলৰ শিশু গৃহ পৰিদৰ্শন আৰু পর্যালোচনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্রতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইৰ শিশু গৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিশেষ প্রতিবেদন প্রস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শ‍ইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ জি ভি এছ শিশু গৃ...

June 1, 2024 8:04 PM

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন...

June 1, 2024 8:02 PM

ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। ...