June 4, 2024 12:21 PM

অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা...

June 4, 2024 11:39 AM

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২৩৭ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২৩৭ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৯৭ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজ...

June 4, 2024 11:23 AM

অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ দিলীপ ...

June 4, 2024 11:19 AM

দেশৰ ৫৪২খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ ২১৩ আসনত অগ্ৰগতি লাভ

দেশৰ ৫৪২ খন লোকসভা আসনৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২১৩ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজ...

June 4, 2024 11:11 AM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ...

June 4, 2024 11:00 AM

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছত ৰোহন বোপান্না-মেথিউ এবডেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল বেয়েছ ভালোৰ যুটীটোক ৬-৭, ৬-৩ আৰু ৭-৬ ফলাফলত পৰাজি...

June 4, 2024 10:55 AM

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা...

June 4, 2024 10:44 AM

দেশৰ ৫৪২খন আসনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ

দেশৰ ৫৪২ খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা ৮ বজাত আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটগণনা স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ল...

June 3, 2024 8:08 PM

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত আজি জিলাখনৰ মৰোৱাৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যজুৰি ১ জুনৰ পৰা ৩০ জুনলৈ মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰা হৈছে। নলবাৰীৰ জিলা স্বাস্থ্য বিভাগে মেলেৰিয়াৰ লগতে ডেংগি, জাপানীজ এনকেফেলা...

June 3, 2024 8:05 PM

কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত পাঠদান আৰম্ভ

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হ'ব। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্রত্যাহাৰ কৰিছে। নির্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহ আৰম...