September 16, 2024 11:57 AM

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা পাছেতি মহোৎসৱ

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাছেতি মহোৎসৱ আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি এই মহোৎসৱ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তী পালনৰ স্মাৰক হিচাপে নিৰ্মাণ কৰা ধৰ্মধ্বজাৰ বেদী উন্মোচন কৰিব। দৰঙৰ অন্যতম লোক উৎসৱ হিচাপে পৰিচিত পাছে...

September 16, 2024 11:52 AM

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আৱেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 16, 2024 11:48 AM

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 16, 2024 12:26 PM

গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ আৰ ই বিনিয়োগ গোলকীয় ঔদ্যোগিক বৈঠক মুকলি কৰিব। শ্রীমোদীয়ে আহমদাবাদৰ পৰা গান্ধীনগৰ তথা জি আই এফ টি মহানগৰ সংযোগী আহমদাবাদ মেট্ৰ'ৰ দ্বিতীয় পর্যায়ো মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ হিতাধিকা...

September 16, 2024 11:45 AM

দেশৰ ভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱন তথা আদৰ্শৰ ওপৰত আলোকপাত কৰি মিলাদ তথা ছিৰাট সন্মিলন আয়োজন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবী উপলক্ষে দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শু...

September 16, 2024 11:43 AM

ঘূৰ্ণীবতাহ ‘য়াগী’য়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে ভাৰতৰ ‘সদ্ভাব অভিযান’ মুকলি

ভাৰতে ঘূৰ্ণীবতাহ য়াগীয়ে প্ৰভাৱিত কৰা দেশসমূহলৈ মানৱীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে সদ্ভাব অভিযান মুকলি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে যে এই অভিযানৰ অধীনত ভাৰতে ভিয়েটনামলৈ ১০ লাখ আমেৰিকান ডলাৰ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এখন বিশেষ বিমানযোগে কালি ভিয়েটনামলৈ জল বিশুদ্ধ...

September 16, 2024 11:41 AM

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি ‘স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্ৰহণ কৰিব জলশক্তি মন্ত্ৰালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ সঞ্চালক তথা যুটীয়া...

September 16, 2024 11:40 AM

চীনৰ হুলুনবুইৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ হুলুনবুইৰত অনুষ্ঠিত হৈ থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমি ফাইনেলত আজি ভাৰতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। খেলখন আবেলি চাৰে তিনি বজাত আৰম্ভ হ'ব। উল্লেখ যোগ্য যে ভাৰতে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱাকৈ খেলি আছে। প্রতিযোগিতাৰ পূৰ্বৰ খেল সমূহত ভাৰতে চীনক ৩-০, জা...

September 16, 2024 11:37 AM

বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ মুকলি শাখাত আজাৰবাইজানক ৩-১ত পৰাস্ত ভাৰতৰ

বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি শাখাত ভাৰতে আজাৰবাইজানক ৩-১ ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলা শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটোৱে কাজাখস্তানক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে আজাৰবাইজানৰ প্ৰতিদ্বন্দ্বী আয়দিন চুলেমানলীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে। অৰ্জুন এৰিগাইচিয়ে আ...

September 15, 2024 8:30 PM

জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কাঠুৱা জিলাৰ এখন বনাঞ্চলত আজি সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইফালে পুঞ্চ জিলাত কালি নিশা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লিৰ ভাগত কাঠুৱা জিল...