June 8, 2024 2:18 PM

কাছাৰৰ ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় ১ কিলোগ্রাম হেৰোইন জব্দ

কাছাৰ আৰক্ষীয়ে এটা বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই ধলাই খাল অঞ্চলৰ পৰা ৮ কোটি টকাৰো অধিক মূল্যৰ প্ৰায় এক কিলোগ্রাম হেৰোইন জব্দ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ বাবে কাছাৰৰ আৰক্ষী অধীক্ষকক অভিনন্দন জনায়। সম্প্রতি এই মাদক দ্রব্য সৰবৰাহৰ সৈতে জড়িতসকলৰ জেৰা অব্যাহত আছে।

June 8, 2024 2:16 PM

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ স্বাস্থ্য মন্থন-১২ শীর্ষক কর্মশালা তথা পর্যালোচনা সভা

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য মন্থন ১২ শীর্ষক এখন কর্মশালা তথা পর্যালোচনা সভা অনুষ্ঠিত হৈছে। কালি কর্মশালাখন উদ্বোধন কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মীপ্রিয়াই ২০২...

June 8, 2024 2:14 PM

আজি নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

June 8, 2024 2:06 PM

যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস কালি যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত স্মৃতি দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত ...

June 8, 2024 2:01 PM

শোণিতপুৰৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগৰ খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ

শোণিতপুৰ জিলাৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে চলোৱা খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ হৈছে। এই খননত এটা ভগ্ন শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ লগতে আন কেতবোৰ পৌৰাণিক সামগ্রী উদ্ধাৰ হৈছে। সামগ্ৰীসমূহ ষষ্ঠ শতিকাৰ শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্বকালৰ ভিতৰৰ সময়ৰ বুলি প্ৰত্নতত্ত্ব বিভাগ নিশ্চিত হৈছে। ...

June 8, 2024 1:59 PM

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নৱনিৰ্বাচিত ৩ গৰাকী সাংসদক সম্বৰ্ধনা

অসমৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নৱনিৰ্বাচিত ৩গৰাকী সাংসদক সম্বৰ্ধনা জনোৱা হয়। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভাত সন্মান জনোৱা হয়। বিৰোধী ঐক্য মঞ্চৰ ...

June 8, 2024 1:53 PM

নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলাৰ POCSO আদালতৰ

কামৰূপ মহানগৰ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। এটি ১০ বছৰীয়া কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত মহানগৰীৰ ভঙাগড় থানাত ২০২২ চনত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি কালি আদালতে নৰহৰি বৰ্মনক যাৱজ...

June 8, 2024 1:49 PM

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্...

June 8, 2024 1:44 PM

একনাথ সিন্দে আৰু নীতিশ কুমাৰৰ বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ প্ৰধান নীতিশ কুমাৰ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিৱসেনা প্রধান একনাথ সিন্দে কালি নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে। জে ডি এছৰ নেতা এইচ ডি কুমাৰাস্বামী আৰু আৰ এল ডিৰ সভাপতি জয়ন্ত চৌধুৰীয়ে কালি শ্ৰীনাড্ডাক সাক্ষাৎ কৰে। বৈঠকত বিভিন্ন সন্দৰ্ভত আলোচ...

June 8, 2024 1:43 PM

লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চি বি আইৰ চূড়ান্ত অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰে'লমন্ত্ৰী লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগ নামাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ বাবে ৬ জুলাই তাৰিখ নিৰ্ধাৰণ কৰি...