June 8, 2024 9:10 PM

লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে বাছনি

কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীয়ে সর্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী পক্ষৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰি কমিটীৰ বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে কয় যে, কাৰ্যকৰী কমিটী...

June 8, 2024 9:09 PM

টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত কাইলৈ ভাৰত-পাকিস্তানৰ মেচ

ভাৰত কাইলৈ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰ...

June 8, 2024 9:08 PM

FIH Pro league হকী প্রতিয়োগিতাত জাৰ্মানীৰ হাতত পৰাস্ত ভাৰত

FIH Pro league হকী প্রতিয়োগিতাত ভাৰতে আশাব্যঞ্জক আৰম্ভণি সত্ত্বেও জাৰ্মানীৰ হাতত ৪-২ গ'লত পৰাজিত হয়। ভাৰতে খেলৰ আৰম্ভণিতে ২টাকৈ গ’ল দি খেলখনত আধিপত্য বিস্তাৰ কৰে যদিও জাৰ্মানীয়ে খেলৰ দ্বিতীয়ার্ধত ভাৰতক চাপত ৰাখিবলৈ সমৰ্থ হয়। ভাৰতৰ ৰক্ষাক্রম জাৰ্মানীৰ ধাৰাবাহিক আক্ৰমণৰ ফলত দুৰ্বল হৈ পৰে। জাৰ্মান...

June 8, 2024 9:20 PM

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ শপতগ্রহণ কাৰ্যসূচী কাইলৈ সন্ধিয়া ৬.৪৫ বজাৰ মিনিটৰ পৰা আকাশবাণীত পোনপটীয়াকৈ প্ৰচাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাইলৈ এন ডি এ চৰকাৰৰ শপতগ্রহণ কাৰ্যসূচী সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰস্থ আৰু অন্য সকলো চেনেলৰ লগতে ইউটিউব চেনেল আকাশবাণী এ আই আৰৰ জৰিয়তে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানৰ ...

June 8, 2024 9:05 PM

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত ‘নীট’ত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখা বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ প্ৰকাশ

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অর্থাৎ নীট চলিত বৰ্ষত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষাৰ নীতি নিয়মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। যোৱা ৫ মেত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল...

June 8, 2024 9:02 PM

ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীসকলৰ বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত চিহ্নিত কৰাটো বাধ্যতামূলক

ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষক-কৰ্মচাৰীৰ সময়ানুৱৰ্তিতা বজাই ৰখাৰ বাবে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষাসেতু এপত উপস্থিতি সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি শিক্ষক-কৰ্মচাৰীসকলে বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষাসেত...

June 8, 2024 9:00 PM

আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন

সামুদ্রিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ হ্ৰাসৰ লগতে পৃথিৱীৰ উপৰিভাগ বাসোপযোগী কৰি ৰখাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশ সমুদ্রই আৱৰি আছে। সমুদ্ৰৰ পৰা পৃথিৱীৰ ৫০ শতাংশ অম্লজান উৎপন্ন হোৱাৰ লগতে ইয়াত অজস্ৰ জীৱ প্ৰজাতি...

June 8, 2024 8:58 PM

ডিব্ৰুগড়ৰ লাহোৱালত অবৈধভাৱে মজুত ৰখা ৫০টা খালী চিলিণ্ডাৰসহ এজনক আটক

ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ নিৰ্দেশমৰ্মে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা অভিযানকাৰী দলে লাহোৱাল আৰক্ষীৰ সহযোগত চলোৱা এটা অভিযানত অবৈধভাৱে মজুত ৰখা ৫০টা খালী চিলিণ্ডাৰ জব্দ কৰে। অভিযুক্ত ৰবীন্দ্ৰ গুপ্তাৰ ঘৰৰ পৰা জব্দ কৰা চিলিণ্ডাৰ কেইটাৰ ৪৪টা ঘৰুৱা ব্যৱহাৰ উপযোগী চিলিণ্ডাৰ হোৱাৰ বিপৰীতে ৬টা বাণিজ্যিক...

June 8, 2024 8:56 PM

ধেমাজিত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়াৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

ধেমাজি জিলাত এনকেফেলাইটিছ, ডেংগী আৰু মেলেৰীয়া ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত বৃদ্ধি পোৱা এই ৰোগৰ ফলত জিলাখনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে এই ব্যৱস্থা লৈছে। ধেমাজি জিলাৰ যুট...

June 8, 2024 8:53 PM

ডিব্ৰুগড়ত খ্ৰীষ্টধৰ্মীসকলৰ সমাধিক্ষেত্ৰৰ উন্নয়নৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভা, জিলা আয়ুক্তৰ অংশগ্ৰহণ

ডিব্ৰুগড় জিলাৰ আয়ুক্তই আজি জিলাখনৰ খ্ৰীষ্টধৰ্মীসকলৰ কাৰণে নিৰ্দিষ্ট সমাধিস্থলীত উপস্থিত হৈ সমাধিক্ষেত্ৰত চলি থকা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে খ্ৰীষ্টধৰ্মীসকলৰ সমাধিস্থলীৰ উন্নয়নৰ কাৰণে গঠন কৰা উপদেষ্টা সমিতিৰ সৈতে মে’ মাহত অনুষ্ঠিত হোৱা আল...