June 11, 2024 8:41 PM

জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও জিলাৰ জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক ...

June 11, 2024 8:39 PM

চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত গোলাঘাটৰ সৰুপথাৰৰ নিশামণি বৰাৰ সোণৰ পদক লাভ

গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই যোৱা ৫ জুনৰ পৰা ৯ জুনলৈকে চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিণ্ড ছার্ফিং প্রতিযোগিতাত ক্রমাগত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিছে। তামিলনাড়ু ছেইলিং এছ'চিয়েচনে আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ ১৮টা ছেইলিং ক্লাবে অংশগ্রহণ কৰিছিল ।

June 11, 2024 6:38 PM

ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ জনসাধাৰণে সদায় শান্তি, নিৰাপত্তা আৰু প্ৰগতিশীল চিন্তাধাৰাৰ পক্ষত থিয় দি আহিছে। পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা পি এম এল (এন)-ৰ মুৰব্বী নৱাজ শ্বৰীফে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাবৰ বাবে সামাজিক মাধ্যমযোগে দিয...

June 11, 2024 6:36 PM

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ বাবে নামভৰ্তি আৰু পৰামৰ্শ প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে। যোৱা ৫ মে'ত অনুষ্ঠিত হোৱা নীট ইউ জি পৰীক্ষা বাতিল কৰিব বিচৰা আবেদন সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অর্থাৎ এন টি এৰ পৰা আদালতে উত্তৰ বিচাৰিছে। বিষয়টো সন্দৰ্ভত বাকী থকা আন এ...

June 11, 2024 6:35 PM

যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলনঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাষ চাপি অহাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্রীয়ে এইদৰে প্ৰকাশ কৰিছে। বিবিধ সংস্কৃতি আৰু ভৌগোলিক বিচিত্ৰতাৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য...

June 11, 2024 6:34 PM

দোহাত হ’বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ এএফচি কোৱালিফায়াৰত আজি কাটাৰৰ বিৰুদ্ধে ভাৰত

ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত হ'বলগীয়া ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰ...

June 11, 2024 6:33 PM

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পাকিস্তান

পাকিস্তান আজি নিউয়ৰ্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। পাকিস্তান এতিয়ালৈকে খেলা দুয়োখন খেলতে পৰাজিত হৈছে। আনহাতে, কানাডাই নিজৰ অন্তিমখন খেলত আয়াৰলেণ্ডক ১২ ৰানত পৰাস...

June 11, 2024 6:30 PM

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত দক্ষিণ আফ্ৰিকাৰ

দক্ষিণ আফ্রিকাই যোৱা নিশা নাছাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত বাংলাদেশক ৪ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১১৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে...

June 11, 2024 12:12 PM

অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ

সদৌ অসম একুৱাটিক চেম্পিয়শ্বিপ অহা ১২ জুলাইৰ পৰা গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব। অসম সাঁতোৰ সন্থাৰ এখন সভাত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সন্থাৰ উপ-সভাপতি দেৱকুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সম্পাদক ভাস্কৰ ৰঞ্জন দাসে চলিত বৰ্ষৰ বিভিন্ন জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ সূচী ঘোষ...

June 11, 2024 12:09 PM

মাজুলীৰ কৃষকসকলে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব : জিলা কৃষি বিভাগ

মাজুলী জিলাৰ কৃষকসকলে ন্যূনতম সমর্থন মূল্যত সৰিয়হ বিক্ৰীৰ বাবে কাইলৈৰ ভিতৰত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ জমা দিব পাৰিব। সৰিয়হ ক্ৰয়ৰ সৈতে জড়িত সংস্থা নাফেডৰ তৰফৰ পৰা জিলা কৃষি বিভাগে অৱগত কৰিছে। সেয়েহে কৃষকসকলক নির্দিষ্ট সময়ৰ ভিতৰত সৰিয়হ ক্রয় কেন্দ্ৰত সৰিয়হ জমা দিবলৈ কৃষি বিভাগে আহ্বান জনাইছ...