September 16, 2024 7:24 PM

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বজাৰসমূহত আজি পূজাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সম্ভাৰেৰে ভৰি পৰিছে। আনহাতে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ...

September 16, 2024 7:21 PM

জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত মীন বিভাগৰ

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ অধীনৰ মীন বিভাগে জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত কৰিছে। আজি মন্ত্ৰ্যালয়ে জাৰি কৰা এখন বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত মীন খণ্ডক শক্তিশালী কৰা...

September 16, 2024 7:18 PM

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীৰ তালাচীৰ তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। মানকাচৰ আৰক্ষীয়ে যোৱা নিশা মানকাচৰত প্ৰৱেশ কৰাৰ সময়ত এখন বাহন ৰখাই সোধাপোছা কৰাৰ সময়তে বাংলাদেশী লোককেইজন ধৰা পৰে। এই লোক কেইজনে চুবুৰীয়া ৰাজ...

September 16, 2024 7:11 PM

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। এই উপলক্ষে ...

September 16, 2024 6:37 PM

আজি নিশা ৯.৩০ বজাত আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্রহণ কৰিব জলশক্তি মন্ত্ৰ্যালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ সঞ্চালক তথা যুটীয়া ...

September 16, 2024 6:20 PM

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে বৰ্তমানলৈকে ৪৪৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰাৰ বিপৰীতে ৩৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন অবৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন ১৮ ছেপ্তেম...

September 16, 2024 6:15 PM

কাইলৈৰে পৰা দিল্লীত অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ অনুষ্ঠিত হ’ব

অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ কাইলৈৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত মণ্ডপমত এই কাৰ্যসূচী উদ্বোধন কৰিব। চাৰিদিনীয়া এই কাৰ্যসূচীত ২০০ গৰাকী বিদেশী প্রতিনিধিসহ ৪০ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। প্ৰদৰ্শনীৰ সময়ছোৱাত ১০০ কৈও অধিক প্ৰদৰ্শক আৰু ষ্...

September 16, 2024 6:11 PM

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰামবান, কিণ্টৱাৰ আৰু পাড্ডাৰত হ'বলগীয়া নির্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ...

September 16, 2024 6:07 PM

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি পয়গম্বৰ মহম্মদৰ জন্মদিনটো মিলাদ-উন-নবী হিচাপে পালন কৰা হৈছে। এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱন তথা আদৰ্শৰ ওপৰত আলোকপাত কৰি মিলাদ তথা ছিৰাট সন্মিলন আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মিলাদ-উন-নবী উপলক্ষে দেশৰ জনসাধাৰণৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকললৈ শ...

September 16, 2024 6:04 PM

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয...