June 13, 2024 6:21 PM

বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ ...

June 13, 2024 6:20 PM

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহ...

June 13, 2024 6:17 PM

চিৰাং জিলাৰ কাজল গাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয়। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্রশিক্ষার্থীসক...

June 13, 2024 6:09 PM

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া থলথলী গাঁৱৰ ঈদগাহ ফিল্ডৰ কাষত মাৰণাস্ত্ৰসহ এটা চোৰাং চিকাৰীক আটক

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া থলথলী গাঁৱৰ ঈদগাহ ফিল্ডৰ কাষত মাৰণাস্ত্ৰসহ এটা চোৰাং চিকাৰীক আটক দৰং আৰক্ষীয়ে দলগাঁও থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া থলথলী গাঁৱৰ ঈদগাহ ফিল্ডৰ কাষত অভিযান চলাই মাৰণাস্ত্ৰসহ এটা চোৰাং চিকাৰীক আটক কৰে। ধৃত চোৰাং চিকাৰীটো মহিদুল ইছলাম বুলি জানি...

June 13, 2024 6:10 PM

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভি...

June 13, 2024 6:06 PM

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, ...

June 13, 2024 4:49 PM

আই চি চি টি-২০ বিশ্বকাপত নিশা ৮ বজাত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ’বলগীয়া এখন খেলত বাংলাদেশ নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। আজি পুৱা ত্রিনিদাদৰ ব্ৰিয়ান লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৱেষ্ট ইণ্ডিজে নিউজিলেণ্ডক ১৩ ৰানত পৰাস্ত কৰে। এই জয...

June 13, 2024 4:46 PM

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানত নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন

উত্তৰ ছিকিমৰ বিভিন্ন অঞ্চল আৰু মনগানৰ কেইবাটাও অঞ্চলত কালিৰেপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক ভূমিস্খলন সংঘটিত হৈছে। এই দুৰ্ঘটনাত বহুতো জীৱন, ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাটাও পৰিয়াল ভূমিহীন হৈ পৰিছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্রেমসিং টামাঙে জিলা প্রশাসন, আৰক্ষী বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ লগত যোগাযোগ ...

June 13, 2024 4:46 PM

ঈদ-উজ-জোহা উপলক্ষে ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী মক্কা আৰু মদিনাত উপস্থিত

ঈদ-উজ-জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰীযে পৱিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা-সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটীৰ অধীনত যাত্ৰা কৰা প্ৰায় ৯৫ শতাংশ অর্থাৎ ১ লাখ ৪০ হাজ...

June 13, 2024 4:43 PM

NEET-UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে

NEET UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অহা ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনোৱা অনুসৰি গ্ৰেছ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ পুনৰ বিবেচনা কৰাৰ বাবে এখন কমিটী...