September 16, 2024 8:04 PM

দিল্লীত ভাৰত ষ্টার্ট আপ ন’লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ভাৰত ষ্টার্ট আপ ন'লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি কৰে। ভাস্কৰ হৈছে অনলাইন আদান-প্ৰদানৰ এখন মঞ্চ, যিয়ে ষ্টার্ট-আপ বিনিয়োগকাৰী সেৱা প্ৰদানকাৰী আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহকে ধৰি ঔদ্যোগীকৰণৰ মূল অংশীদাৰসকলৰ মাজত সহযোগিতা কেন্দ্ৰীভূত, সুশৃংখল...

September 16, 2024 8:01 PM

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচা...

September 16, 2024 7:57 PM

তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ড্ৰণ পৰ্য্যবেক্ষণ কেন্দ্ৰ, স্তম্ভ লাইট আৰু সৌৰশক্তি প্ৰকল্পৰ দৰে কেইবাটাও সা-সুবিধা উৎসর্গা কৰে। অনুষ্ঠানত শ্ৰীসোণোৱালে কয় যে, প্রায় ৪০০ কোটি টকা ব্...

September 16, 2024 7:54 PM

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃ...

September 16, 2024 7:46 PM

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱত...

September 16, 2024 7:44 PM

আজিৰে পৰা গোৱালপাৰাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত

ৰাভা জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আজিৰে পৰা গোৱালপাৰা জিলাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আৰু সাংস্কৃতিক কৰ্মী জোনালী ৰাভা আৰু সঞ্জয় ৰাভাৰ নেতৃত্বত এই কর্মশালা অ...

September 16, 2024 7:40 PM

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ কেইবাটাও দল সংগঠনে আজি বিভিন্ন স্থানত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ স্থানীয় কার্যালয়সমূহত প্রতিবাদ সাব্যস্ত কৰে। নগাঁওৰ চামগুৰি, বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় পর্যন্ত প্রতিবাদ...

September 16, 2024 7:37 PM

কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এখন বাহনৰ পৰা নিচাযুক্ত টেবলেট জব্দৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে আজি পেটেল নগৰ অঞ্চলত অভিযান চলাই চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত ভালেসংখ্যক নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত তিনিজন লোকক আটক কৰিছে। অভিযানকালত আৰক্ষীয়ে প্ৰায় এক লাখ ২০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৫৩৭ গ্রাম হে...

September 16, 2024 7:34 PM

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত

সন্তান সম্ভৱা আৰু শিশুসকলৰ পুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে আজি বাক্সা জিলাৰ ৩১ নম্বৰ আঞ্চলিক অংগনবাড়ী কেন্দ্ৰত কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সন্তান সম্ভৱা আৰু শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদ...

September 16, 2024 7:28 PM

বোকাখাটৰ সাপজুৰিত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ

দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি আজি পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বোকাখাটৰ সাপজুৰিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকলৰ লগতে শিশু উন্নয়ন প্রকল্প বিষয়া, কৰ্মচাৰী, পৰিদৰ্শক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্...